নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত বুঢ়াদিয়া নৈৰ পাৰত যুৱক–যুৱতীৰ মৃতদেহ উদ্ধাৰ

🔹 দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল বাক্সাৰ প্ৰেমিক-প্ৰেমিকাদ্বয়

বিশেষ বার্তা, ১ জুন : নলবাৰী জিলাৰ সদৰ থানাৰ অন্তর্গত বৰক্ষেত্রী বানেকুছিৰ বুঢ়াদিয়া নৈৰ পাৰত আজি এহাল যুৱক–যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বানেকুছিৰ বুঢ়াদিয়া নৈৰ দাঁতিত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় যুৱক–যুৱতীদ্বয়ৰ মৃতদেহ৷ দুয়োৰে ঘৰ বাক্সা জিলাৰ বৰমাৰ দলবাৰী গাঁৱত৷ মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়৷ উদ্ধাৰ হোৱা মৃতদেহ দুটা দলবাৰী গাঁৱৰ সর্বেশ্বৰ বর্মন আৰু ধনদা বর্মনৰ বুলি চিনাক্ত হৈছে৷ প্রেমজনিত কাৰণতে যুৱক–যুৱতীহালে চৰম পথ বাছি লোৱাৰ সন্দেহ কৰা হৈছে৷ ঘটনাস্থলীত উপস্থিত হৈ নলবাৰীৰ আৰক্ষী অধীক্ষক সুপ্রিয়া দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে প্রাথমিক তদন্ত চলাই প্রেমৰ বাবেই দুয়ো চৰম পথ বাছি লোৱা বুলি সন্দেহ কৰিছে৷ দণ্ডাধীশৰ উপস্থিতিত ঘটনাৰ তদন্ত আৰম্ভ হৈছে৷ ঘটনাস্থলীত এটা ম’বাইল ফোন উদ্ধাৰ হৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, যোৱা বৃহস্পতিবাৰৰ পৰা যুৱক–যুৱতীহাল নিৰুদ্দেশ হৈ আছিল৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ–খোঁচাৰ কৰিও সন্ধান উলিয়াব পৰা নাছিল৷ ইপিনে, নিৰুদ্দিষ্ট যুৱক–যুৱতীহালে কালি সন্ধিয়াৰ ভাগত ঘটনাস্থলীৰ আশে–পাশে ঘূৰি–ফুৰি থকা প্রত্যক্ষ কৰিছিল একাংশ স্থানীয় লোকে৷ স্থানীয় লোকে জনা নাছিল এই যুৱক–যুৱতীহাল যে নিৰুদ্দিষ্ট৷ এনে সময়তে আজি পুৱা নৈৰ পাৰত এজোপা গছত স্থানীয় ৰাইজে দুয়োকে প্রত্যক্ষ কৰে৷ ইয়াৰ পিছতেই অঞ্চলজুৰি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ইপিনে, আৰক্ষী সূত্রটোৱে প্রকাশ কৰা মতে, এইবাৰ হাইসুকল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ ১৬ বছৰীয়া যুৱতী আৰু গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত নিয়োজিত ১৯ বছৰীয়া যুৱকজনৰ প্রেমৰ সম্পর্ক দুয়োটা পৰিয়ালে বিচৰা নাছিল৷ যুৱক–যুৱতীৰ সম্পর্কত বাধা দি আহিছিল দুয়োটা পৰিয়ালে৷ অৱশেষত দুয়ো প্রেমিক–প্রেমিকাই চৰম পথ বাছি লোৱা বুলি চর্চা হৈছে৷ ইপিনে, আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like