নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ দিনে নিৰুদ্দেশ হৈ থকা ক’ভিড আক্রান্ত বৃদ্ধাৰ মৃতদেহ মর্গত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১১ জুনঃ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীৰ তথ্য প্রদান কৰিব নোৱাৰা এগৰাকী ৰোগীৰ মৃতদেহ মর্গত উদ্ধাৰ হোৱা ঘটনাই চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভিতৰচ’ৰাৰ স্বৰূপ উদঙাইছে৷

উল্লেখ্য যে যোৱা ২৬ মে’ত তেজপুৰৰ নিকটৱর্তী সৰুপাটগাঁৱৰ এগৰাকী ৬৫ বছৰীয়া ক’ৰোনা ৰোগীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰাৰ এসপ্তাহৰ পাছত ৰোগীগৰাকীৰ কোনো সন্ধান নোলোৱাত ৰোগীৰ পুত্রই এজাহাৰ দাখিল কৰিবলগীয়া হয়৷ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কর্তৃপক্ষই চিকিৎসাধীন মাকক বিচাৰি হাবাথুৰি খোৱা পুত্রক কোনো সদুত্তৰ দিব নোৱাৰাৰ বিপৰীতে কালি এজাহাৰ দাখিলৰ পাছতে কিন্তু মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মর্গত আৰু ক’ৰোনাত আক্রান্ত মহিলাগৰাকীৰ মৃত্যু কালি দিনৰ ১.৫৫ বজাত হোৱা বুলি উল্লেখ কৰা হয়৷

ৰহস্যজনক এই ঘটনাই এতিয়া তেজপুৰৰ নিকটৱর্তী সৰুপাটগাঁৱত প্রতিক্রিয়া সৃষ্টি কৰিছে৷ তেজপুৰৰ সৰুপাটগাঁৱৰ ধনমণি গোৱালা নামৰ ৬৫ বছৰীয়া মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰাত স্থানীয় আশাকর্মীৰ সহযোগত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ যোৱা তিনি জুনলৈকে চিকিৎসাধীন পিতৃ–মাতৃৰ বিষয়ে দৈনিক হাস্পতালখনলৈ গৈ খবৰ লৈ থকা পুত্র কর্মেশ্বৰ গোৱালাই সকলো ঠিকেই পাইছিল যদিও চাৰি জুনৰ দিনা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ৰোনা ৰোগীৰ চিকিৎসা কক্ষত মাতৃক নেদেখি তেওঁক বিচাৰি চলাথ কৰে৷

পুত্রৰ অভিযোগ, চিকিৎসালয় কর্তৃপক্ষই ধনমণি গোৱালা নামৰ কোনো ৰোগী ভর্তি হোৱা নাই বুলি তেওঁক কোৱাৰ লগতে তেওঁৰ বিষয়ে কোনো কথাই জনাবলৈ অপাৰগ হয়৷ অথচ ২৬ মে’ত কর্মেশ্বৰে নিজেই চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰাইছিল পিতৃ আৰু মাতৃক৷ এনে অৱস্থাত দুশ্চিন্তাত ভাঙি পৰা পুত্রই ৯ জুনত তেজপুৰৰ শালনিবৰী আৰক্ষী চকীত এই সন্দর্ভত এজাহাৰ দাখিল কৰে৷ শালনিবৰী আৰক্ষীয়ে লগে লগে বিহগুৰি আৰক্ষী চকীৰে যোগাযোগ কৰাৰ পাছতেই হুৱাদুৱা লাগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু আচৰিতভাৱে যোৱা পাঁচটা দিনত কোনো সন্ধান তথা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ভর্তিয়েই কৰা হোৱা নাই বুলি কোৱা ধনমণি গোৱালাৰ মৃতদেহ বিয়লি উদ্ধাৰ হয় চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মর্গত৷ তদুপৰি মহিলাগৰাকীৰ কালি বিয়লি ১.৫৫ বজাত ক’ৰোনাত মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়৷প্রকৃততে মহিলাগৰাকীৰ মৃত্যু কেতিয়া হৈছিল, সেই লৈও সন্দেহ প্রকাশ কৰিছে তেওঁৰ দুর্ভগীয়া পুত্রই৷

ইয়াৰ বিপৰীতে আন এক তথ্য অনুসৰি শোণিতপুৰত এই পর্যন্ত মৃত্যু হোৱা ক’ৰোনাক্রান্তসকলৰ অধিকাংশৰে মৃত্যু ঘটিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ইপিনে, ইয়ালৈ ৰাজ্যৰ মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রীকে ধৰি প্রশাসনীয় বিষয়াবর্গৰ সঘন অহা–যোৱা চলিছে৷ নিশা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ উপস্থিতি তথা চিকিৎসাৰ পর্যবেক্ষণ হৈছে৷ ক’ৰোনাত আক্রান্ত ৰোগী থকা কক্ষত চকু ৰখা হৈছে বুলি দাবী কৰা হৈছে৷ কিন্তু এগৰাকী চিকিৎসাধীন মহিলা আকস্মিকভাৱে কক্ষৰ পৰা পাঁচ দিনে নিৰুদ্দেশ হোৱা তথা তাৰ পাছত ৰোগীগৰাকীক ভর্তি কৰাক লৈয়ে প্রশ্ণ উঠা আৰু এজাহাৰ দাখিলৰ পাছত হঠাৎ একেগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই কি সূচাইছে বুলি প্রশ্ন কৰি মহিলাগৰাকীৰ ক্ষুব্ধ পুত্রই কয় যে তেওঁৰ মাতৃৰ মৃত্যুৰ খবৰো তেওঁক চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা জনোৱা হোৱা নাছিল৷

উল্লেখ্য যে চৰকাৰীভাৱে যিমানেই সুচিকিৎসা ব্যৱস্থাৰ বিষয়ে দাবী কৰা নহওক, কিন্তু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আন ৰোগত আক্রান্ত তথা ক’ৰোনাৰ সংক্রমণ ঘটা বহু ৰোগীয়ে প্রয়োজনীয় ঔষধ লাভ নকৰাৰ লগতে পুৱতি নিশা চিকিৎসক তথা চিকিৎসা কর্মীও নাথাকে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷কিন্তু সৰু সৰু মানুহৰ এনেবোৰ অভিযোগৰ তদন্ত কেতিয়া হ’ব আৰু ৰাজ্যত চলি থকা চিকিৎসা হেমাহিৰ অন্ত পৰিবনে বুলিও ৰাইজে প্রশ্ন কৰিছে৷ ইফালে চিকিৎসা মহাবিদ্যালয় হাস্পতালত গুৰুত্বপূর্ণ বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ অভাৱ পূৰণ কৰা হ’ব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ আশ্বাস দিয়াৰ পাছতো এই সময়ত চিকিৎসক নিদিয়াই আন এক সমস্যাৰ কাৰক হৈ পৰিছে৷

You might also like