নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত অনাথ হোৱা ১১ শিশুলৈ গাইপতি ৭,৮১,২০০ টকাৰ ফিক্সড ডিপ’জিট

নিয়মীয়া বাৰ্তা, ১১ জুনঃ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ প্রথম মাহ পূর্তিৰ দিনটোতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ এই উপলক্ষে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ক’ভিডত বর্তমানলৈ অনাথ হোৱা ১১গৰাকী শিশুৰ প্রত্যেককে বিত্তীয় সাহায্যৰ ধনৰাশিৰ প্রথম মাহৰ সাহায্যৰ ৩,৫০০ টকাৰ চেক, ৭,৮১,২০০ টকাৰ ফিক্সড ডিপ’জিটৰ প্রমাণ–পত্র, একোটাকৈ লেপটপ আৰু উপহাৰৰ টোপোলা প্রদান কৰে৷

এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰৰ সাত বছৰ সম্পূর্ণ হোৱা উপলক্ষে যোৱা ২৯ মে’ত তেওঁ মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনিখন ঘোষণা কৰিছিল৷ আঁচনিখন ঘোষণা কৰাৰ ১০ দিনৰ ভিতৰত আজি আঁচনিখনৰ অধীনত হিতাধিকাৰীসকললৈ বিত্তীয় সাহায্য প্রদান কৰা হয়৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে প্রথম মাহ সম্পূর্ণ কৰাৰ শুভক্ষণতে এই আঁচনিখনৰ আজি শুভাৰম্ভ কৰে৷

আঁচনিখনত ক’ভিডত অনাথ হোৱা শিশুক আশ্রয় দিবলৈ নিকটাত্মীয় থকাসকলক চৰকাৰে মাহে ৩,৫০০ টকাকৈ প্রদান কৰা আৰু অনাথ শিশুসকলৰ যিসকলৰ কোনো নিকটাত্মীয় নাই, তেওঁলোকক আৱাসিক শিক্ষানুষ্ঠানত ৰাখি অধ্যয়নৰ ব্যৱস্থা কৰাৰ দুটা অংশ আছে৷ কিন্তু দুর্ভাগ্যৰ মাজতো সৌভাগ্য এয়ে যে ৰাজ্যখনত এতিয়ালৈ ক’ভিডৰ বাবে অনাথ হোৱা শিশুসকলক আশ্রয় দিবলৈ নিকটাত্মীয় আছে৷ সেয়ে আৱাসিক শিক্ষানুষ্ঠানত ৰাখি তেওঁলোকক চৰকাৰে পঢ়োৱাৰ বিষয়টো আহি পৰা নাই৷ এতিয়ালৈ ক’ভিডত ১১গৰাকী শিশু অনাথ হৈছে৷

অৱশ্যে এই চিনাক্তকৰণ প্রক্রিয়াৰ কাম এতিয়াও চলি আছে৷ এতিয়ালৈ চিনাক্ত হোৱা শিশুসকলক  ৭,৮১,২০০ টকাৰ ফিক্সড ডিপ’জিটৰ চেক প্রদান কৰা হয়৷ ২৪ বছৰ বয়স সম্পূর্ণ নোহোৱালৈ তেওঁলোকে মাহে বেংকৰ পৰা একাউণ্টযোগে ৩,৫০০ টকাকৈ লাভ কৰি থাকিব৷ ২৪ বছৰ বয়স সম্পূর্ণ হোৱাৰ লগে লগে ফিক্সড ডিপ’জিটৰ নিৰিখৰ সমুদায় ধন তেওঁলোকে একাউণ্টযোগে লাভ কৰিব৷ তদুপৰি তেওঁলোকক শিক্ষা গ্রহণত সহায়ক হোৱাকৈ একোটাকৈ লেপটপ প্রদান কৰা হয়৷ একেদৰে আঁচনিখনত থকা অনুসৰি প্রতিমাহে পাবলগীয়া ৩,৫০০ টকাৰ ক্ষেত্রত এই মাহৰ অংশটো আন এখন চেকযোগে প্রদান কৰা হৈছে৷ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা এই আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে৷

উল্লেখ্য যে এই আঁচনিৰ অধীনত চৰকাৰে ছোৱালীৰ ক্ষেত্রত বিবাহৰ সময়তো বিত্তীয় সাহায্য প্রদান কৰিব৷ আঁচনিখনৰ অধীনত প্রতিগৰাকী ছোৱালীক বিবাহৰ সময়ত অৰুন্ধতী আঁচনিৰ জৰিয়তে এক তোলাকৈ সোণৰ লগতে ৫০ হাজাৰ টকাৰ বিত্তীয় সাহায্য আগবঢ়াব৷ আঁচনিখনে সামৰা সকলোকে দক্ষতাভিত্তিক শিক্ষা আৰু দক্ষতা বিকাশৰ প্রশিক্ষণ প্রদান কৰিব৷ বর্তমানৰ ৰাজ্য চৰকাৰৰ এমাহ পূর্তিৰ দিনটোতে মুখ্যমন্ত্রী ড০ শর্মাই ক’ভিডত নিজৰ স্বামীক হেৰুওৱা বিধৱা মহিলাসকলৰ বাবেও আন এখন আঁচনি ঘোষণা কৰে৷ এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে ক’ভিডত আক্রান্ত হৈ স্বামীৰ মৃত্যু হোৱা প্রতিগৰাকী মহিলাক এককালীন সাহায্য হিচাপে ২.৫ লাখ টকাকৈ প্রদান কৰিব৷ এইসকল মহিলাক অৰুণোদয় আঁচনিৰ সা–সুবিধা প্রদানৰ লগতে ইন্দিৰা মিৰি বিধৱা পেন্সন আঁচনিৰ অধীনত বিধৱা পেন্সন প্রদান কৰিব৷

আনহাতে ৰাজ্যখনৰ শ্বহীদ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন, ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেন্সন আৰু দীনদয়াল দিব্যাংগ যোজনাৰ আর্থিক সাহায্য প্রদান প্রক্রিয়াৰ সৰলীকৰণ কৰি ৫০ লাখ হিতাধিকাৰীক আজিৰে পৰা প্রতিমাহৰ ১০ তাৰিখে বেংক একাউণ্টযোগে লাভ কৰিবলগীয়া ধন দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়ে মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷ একেদৰে সমাজ জীৱনলৈ গুৰুত্বপূর্ণ বৰঙণি আগবঢ়োৱা এগৰাকী বিশিষ্ট ব্যক্তিলৈ প্রতিবছৰে অসম ৰত্ন বঁটা, তিনিগৰাকী ব্যক্তিলৈ অসম বিভূষণ, ৫গৰাকী ব্যক্তিলৈ অসম ভূষণ, ১০গৰাকীলৈ অসমশ্রী বঁটা আগবঢ়োৱাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰী বঁটাৰ ওপৰত ৰাইজৰ ধ্যান–ধাৰণা সলনি কৰাৰ বাবে বর্তমানৰ চৰকাৰে সমাজত নীৰৱে সেৱা আগবঢ়াই অহা আশাকর্মী, অংগনৱাড়ী কর্মী, টেট শিক্ষক, অনাথ শিশুক সেৱা আগবঢ়োৱা ব্যক্তি, কৃষি অর্থনীতিত যুগান্তকাৰী কাম কৰা লোকক সেই বঁটা প্রদানত গুৰুত্ব দিব৷

ইপিনে ৰাজ্য চৰকাৰে অভিযান্ত্রিক মহাবিদ্যালয় আৰু প’লিটেকনিকসমূহৰ অধ্যাপক–অধ্যাপিকাসকলক দ্রুত নিযুক্তিৰ বাবে অসম অভিযান্ত্রিক সেৱা নিযুক্তি পৰিষদ গঠনৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বতে এ পি এছ চিৰ জৰিয়তে এই পদসমূহ পূৰণ কৰা হৈছিল৷ ইয়াৰ বাবে পদ পূৰণত যথেষ্ট বিলম্ব হৈছিল৷ পদ পূৰণৰ প্রক্রিয়া খৰতকীয়া কৰাৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷ অনাগত দিনত কলেজসমূহতো এনেধৰণৰ পদক্ষেপ গ্রহণ কৰি নিযুক্তি প্রক্রিয়া আগবঢ়াই নিয়া হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷

You might also like