নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীগড় চাহ বাগিচাৰ চিকিৎসকক দুর্বৃত্তৰ আক্রমণ

নিয়মীয়া বাৰ্তা, ১১ জুনঃ লংকাত চিকিৎসক নিগ্রহৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এইবাৰ বিশ্বনাথত আক্রমণৰ লক্ষ্য হৈ পৰিছে বাগিচাৰ চিকিৎসক৷ পুঁজিপতি চাহ গোষ্ঠী এম কে সাহ মালিকানাধীন বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত কালি বিয়লি সংঘটিত হৈছে চিকিৎসক নিগ্রহৰ এই দুর্ভাগ্যজনক ঘটনা৷

ক’ৰোনা সংক্রমণ ৰোধ কৰাৰ বাবে ৰাজ্যত বলৱৎ কৰা নতুন নির্দেশনাৰ বাবেই একাংশ ক্ষুদ্র ব্যৱসায়ৰ লগত জডিত দুর্বৃত্তই কালি বাগিচাখনত আক্রমণ চলালে সান্ধ্য ভ্রমণৰত চিকিৎসক ডাঃ বসন্ত গোস্বামীক৷ চিকিৎসক আক্রমণৰ এই ঘটনাই ইতিমধ্যে ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে চিকিৎসকজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে দুর্বৃত্তৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি থানাত গোচৰ দাখিল কৰা হৈছে৷

ঘটনাৰ বিৱৰণী মতে চৰকাৰে জাৰি কৰা নতুন নীতি–নির্দেশনা অনুযায়ী দুপৰীয়া বাৰ বজাৰ পৰা দোকান–বজাৰ বন্ধ কৰিব লাগে৷কিন্তু কিছু গ্রামাঞ্চল আৰু চাহ বাগিচা অঞ্চলত একাংশ লোকে এই নীতি–নির্দেশনা অমান্য কৰি সন্ধিয়া পর্যন্ত খোলা ৰাখে নিজৰ বাণিজ্যিক প্রতিষ্ঠান৷ ঠিক তেনেদৰেই বিশ্বনাথৰ মাজুলিগড় চাহ বাগিচাতো দুপৰীয়া বাৰ বজাৰ পৰা দোকান–পোহাৰ বন্ধ কৰিব লাগে যদিও বাগিচাখনৰ একাংশ ক্ষুদ্র ব্যৱসায়ীয়ে মনা নাছিল এই নিয়ম৷ তদুপৰি বাগিচাখনত বৃদ্ধি হৈ আছে ক’ভিড পজিটিভৰ সংখ্যা৷

মাজুলিগড় চাহ বাগিচাত গণ সংক্রমণ ভয়াৱহ হোৱা বাবে বিশ্বনাথ জিলা প্রশাসনে ক’ভিড নির্দেশনা অনুসৰণ কৰিবলৈ কর্তৃপক্ষক নির্দেশ দিয়ে৷ এনে নির্দেশনাৰ পাছতে বাগিচা কর্তৃপক্ষই দোকানসমূহ নির্দিষ্ট সময়ত বন্ধ কৰি ক’ভিড নিয়ন্ত্রণৰ চেষ্টা চলায়৷ বাগিচাখনৰ একাংশ লোকে ক’ভিডৰ কাৰণে দোকানসমূহ বন্ধ কৰাবলৈ দিয়া বিষয়টো চিকিৎসকৰ নির্দেশতে হৈছে বুলি এক ভুল ধাৰণা লৈ চিকিৎসকৰ ওপৰত ক্ষুব্ধ হৈ পৰে৷

বাগিচাখনত চিকিৎসক অথবা বাগিচা কর্তৃপক্ষই কিয় দোকানসমূহ বন্ধ কৰাব, সেই বিষয়ে জানিবৰ বাবে একাংশ লোক কালি বিয়লি বাগিচাখনৰ কার্যালয়ত উপস্থিত হয়৷ কিন্তু দুর্ভাগ্যক্রমে সেই সময়তে বাগিচাখনৰ চিকিৎসক বসন্ত গোস্বামী সান্ধ্য ভ্রমণ কৰিবলৈ গৈ মুখামুখি হয় এই দুষ্কৃকাৰী দলটোৰ৷ লগে লগে ক্ষুব্ধ দুষৃকতিকাৰীৰ দলটোৱে আক্রমণ কৰে চিকিৎসক গোস্বামীক৷ চিকিৎসকগৰাকীয়ে চিঞৰ–বাখৰ কৰাত চিকিৎসকগৰাকীৰ ঘৰত কর্মৰত কর্মচাৰীৰ তৎপৰতাত কথমপি ৰক্ষা পৰে৷ ঘটনা সন্দর্ভত বিশ্বনাথ আৰক্ষী থানাত এটা গোচৰ তৰিছে৷

উল্লেখ্য যে একালত প্রচণ্ড জাতীয়তাবাদী যুৱক ৰূপে পৰিচিত ডাঃ বসন্ত গোস্বামী অসম আন্দোলনৰ এটা চিনাকি নাম৷হেলেমত চিকিৎসক হোৱা অৱস্থাত ছয়দুৱাৰ কর্মচাৰী পৰিষদৰ সভাপতি হৈ থাকোঁতেই ১৯৮০ চনত ডাঃ গোস্বামীৰ ওপৰত ৪৯টাকৈ গোচৰ জাপি দি গ্রেপ্তাৰ কৰা হৈছিল৷ পাছত কুখ্যাত পি ডি আইনৰ অধীনত বিহাৰৰ ভাগলপুৰ জে’লত বন্দী হৈ থাকিব লগা হোৱা ডাঃ গোস্বামীয়ে বহু চৰকাৰী নির্যাতনৰ সন্মুখীন হৈছিল৷ সংগ্রামী নেতা হৰেশ্বৰ গোস্বামী, নিবাৰণ বৰা, পৰাগধৰ চলিহা আদিৰ লগত বহিঃৰাজ্যৰ জে’লত কাৰাবাস খটা সম্প্রতি ৮১ বছৰীয়া ডাঃ বসন্ত গোস্বামী তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা অধীক্ষক ৰূপে অৱসৰ গ্রহণ কৰি যোৱা ৯ বছৰ বাগিচাখনৰ চিকিৎসক ৰূপে কর্মৰত আছিল৷এই ঘটনাৰ পাছত চিকিৎসক গোস্বামীয়ে বাগিচাখনত পুনৰ যোগদান নকৰাৰ কথা সাংবাদিকক জনাইছে৷

আনহাতে মাজুলিগড বাগিচাত সংঘটিত ঘটনাক দুর্ভাগ্যজনক আখ্যা দিছে বিশ্বনাথ জিলা আটছাৰ সভাপতি ধীৰাজ গোৱলাই৷ বাতৰি লিখাৰ পৰলৈকে এজনো অভিযুক্তক গ্রেপ্তাৰ কৰা নাই৷ ইফালে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ বিশ্বনাথ চাৰিআলি শাখাৰ সভাপতি–সম্পাদক ডাঃ নাৰায়ণ উপাধ্যায় আৰু ডাঃ মনজিৎ কটকীয়ে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত কালি চিকিৎসক ডাঃ বসন্ত কুমাৰ গোস্বামীৰ ওপৰত সংঘটিত আক্রমণক তীব্র গৰিহণা দিছে৷

You might also like