🔹 নিয়ন্ত্ৰণহীনভাৱে মাটিভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : মহানগৰীৰ আজাৰা আৰক্ষী থানা তথা পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ মাজিৰগাঁও, পূব মাজিৰগাঁও, সদিলাপুৰ, ঠাকুৰীয়াপাৰা, বৰুৱাপাৰা, শিলপোটা, কেন্দুকুছি আদি কেইবাটাও অঞ্চলত একাংশ বালি মাফিয়া, কুখ্যাত ব্যৱসায়ী, প্ৰভাৱশালী ব্যক্তি আদিয়ে অবাধ হাৰত ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটিৰ খননকাৰ্য অব্যাহত ৰাখিছে। ফলত অঞ্চলটোৰ জনজীৱন বিপদাপন্ন হৈ পৰিছে। প্ৰায় সন্ধিয়া হ’লেই এই বেপাৰীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত খনন কৰি প্ৰতিযোগিতামূলকভাৱে শ শ ডাম্পাৰেৰে অঞ্চলটোৰ পৰা পলসুৱা মাটি কঢ়িওৱাৰ ফলত বহু ঠাইত দুৰ্ঘটনাও সংঘটিত হৈছে। কিন্তু এইবোৰলৈ কাণসাৰ নাই ব্যৱসায়ীসকলৰ। তেওঁলোকৰ ইমানেই আক্ৰোশ যে সৰ্বসাধাৰণ জনতাৰ দুৰ্ভোগৰ কথা শুনিবলৈও অপাৰগ। কিয়নো তেওঁলোকে আৰক্ষী-প্ৰশাসন তথা বন বিভাগক মেনেজ কৰি এই অঞ্চলৰ পলাশবাৰী-মাজিৰগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ কেইবা কোটিটকীয়া মথাউৰিৰ প্ৰায় কাষতে পলসুৱা মাটি খনন কৰি চলাই গৈছে ৰমৰমীয়া এক ব্যৱসায়। ইয়াৰ উপৰি একাংশ প্ৰভাৱশালী লোক, একাংশ দল-সংগঠনৰ বিষয়ববীয়া আদিকো হাতৰ মুঠিত ৰাখি ডাম্পাৰ, ডি আই ভান আদিৰে পলসুৱা মাটি কঢ়িয়াই দৌৰাত্ম্য অব্যাহত ৰাখিছে। এই ব্যৱসায়ীসকলে অঞ্চলৰ ছয়টাৰো অধিক ঘাটত ব্ৰহ্মপুত্ৰৰ বুকু বিদীৰ্ণ কৰি খনন চলাই যোৱাত বিয়া-সবাহ, ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা আদিত ব্যাঘাত সৃষ্টি হোৱাৰ লগতে মানুহৰ ঘৰলৈ ধূলি-বালি উৰি অহা, ৰাস্তাই-ঘাতে ধূলিৰ প্ৰকোপ বৃদ্ধি পোৱা, পথত থকা গতিৰোধকত মাটি জমা আদি ঘটনাৰ বাবে পথচাৰী তথা সৰ্বসাধাৰণ লোক আৰু বাইক, চাইকেল আৰোহীৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু মালিকপক্ষই অঞ্চলটোৰ পথত পানী নমৰাৰ ফলত এই ধূলিৰ পৰিমাণ বাঢ়ি গৈছে। এই কাৰ্যক লৈ মাটি ব্যৱসায়ীৰ সৈতে ৰাইজৰ বাকবিতণ্ডা, সংঘাতৰো সৃষ্টি হৈ আহিছে যদিও সকলো ফুটুকাৰ ফেন। এই ব্যৱসায়ীৰ প্ৰবল প্ৰতাপক নিয়ন্ত্ৰণলৈ আনিব পৰা নাই আৰক্ষী-প্ৰশাসনে। ৰাইজৰ ইমান বিপৰ্যয়ৰ পিছতো কোনো গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লোৱা নাই কামৰূপ জিলাৰ আৰক্ষী প্ৰশাসন তথা ৰাজ্যৰ বন বিভাগে। এক খবৰ মতে, অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ বুকুত এই বালি খননৰ অনুমতি বন বিভাগৰ হাতৰ পৰা ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ হাতলৈ গৈছে। যাৰ বাবে বন বিভাগে এই ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ পলাশবাৰী আৰু ধাৰাপুৰ সংযোগী মাজিৰগাঁৱত ৰাজ্যৰ জলসম্পদ বিভাগৰ ৯ কোটি ৯ লাখ ৬০ হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰা মথাউৰিটোত পূৰ্বতে প্ৰবল বৰষুণৰ বাবে খহনীয়াৰ সৃষ্টি হৈছিল। তেনেক্ষেত্ৰত এই অঞ্চলটোত পলসুৱা মাটি খনন কাৰ্য চলাই যোৱাত ৰাইজ শংকিত হৈ পৰিছে। এই মালিকপক্ষই অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটি খনন কৰি এই মাটিবোৰ যুদ্ধংদেহি প্ৰতিযোগিতাৰে ডাম্পাৰ আদিৰে নীতিবহিৰ্ভূতভাৱে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে জালুকবাৰী, আমিনগাঁও, আজাৰা, ভি আইপি, ৰাণী, বৰিহাট, মিৰ্জা, বিজয় নগৰ, পাৰ্ল্লী, ধাৰাপুৰ, বঙৰা, সৰপা ৰা, বৰকুছি, গদেবড়ী, কুকুৰমাৰা, ছয়গাঁও আদি বিভিন্ন ঠাইৰ লগতে উদ্যোগ ক্ষেত্ৰ তথা দ মাটি আদিত পেলাই থকা হৈছে। মাটি কঢ়িওৱা এই শ শ ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে মাজে সময়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে। পলাশবাৰীৰ গুমী প্ৰকল্পৰ অধীনত চৰকাৰে ২০১২ বৰ্ষৰ পৰা এডিবিৰ আৰ্থিক সাহায্যত ফ্ৰেমাৰ তত্ত্বাৱধানত পলাশবাৰীত বান-খহনীয়া প্ৰতিৰোধৰ কাৰণে ৯০ কোটি টকা ব্যয়সাপেক্ষে ৫.৩ কি:মি: দৈৰ্ঘৰ পলাশবাৰীৰ পৰা চিমিনা ফটুৰী মকাধূজ অঞ্চললৈ নিৰ্মাণ কৰা মথাউৰিৰ পকী পথো এতিয়া ব্ৰহ্মপুত্ৰৰ এই পলসুৱা মাটি ব্যৱসায়ৰ এক ঘাটিৰূপে পৰিগণিত হৈছে। মুঠতে এই মাটি ব্যৱসায়ীসকলে অঞ্চলটোৰ ব্ৰহ্মপুত্ৰৰ বুকুত ফকলেণ্ড, এক্সকেভেটৰেৰে ব্ৰহ্মপুত্ৰৰ বুকু বিদীৰ্ণ কৰি অঞ্চলটোত দৌৰাত্ম্য অব্যাহত ৰাখিছে। ফলত নিতৌ অঞ্চলটোৰ লোকে ভয় আৰু শংকাৰ মাজত কটাবলগীয়া হৈছে। কিন্তু ৰাইজৰ এই দুৰ্বিষহ যাতনাৰ খবৰ ল’বলৈ কোনো এটি বিভাগৰে আহৰি নাই।
প্ৰেৰক ভগৱান দাস