নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ মার্চত তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব মুখ্য নির্বাচন আয়ুক্ত

  • আনুষ্ঠানিকভাৱে অসমত আৰম্ভ হ’ল সমষ্টি পুনৰ গঠনৰ প্রক্রিয়া
  • সমষ্টিৰ পুনৰ নির্ধাৰণ সন্দর্ভত ২৭ মার্চত ৰাজনৈতিক দলৰ সৈতে বহিব আলোচনাত
    লোকসভা নির্বাচনৰ পূর্বে প্রক্রিয়া সম্পন্ন কৰাৰ সম্ভাৱনা
  • সমগ্র প্রক্রিয়া পর্যালোচনা কৰিব মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নির্বাচন আয়ুক্তদ্বয় অনুপ চন্দ্র পাণ্ডে, অৰুণ গোৱেলে

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ: চর্চা–উৎকণ্ঠাৰ মাজতে আনুষ্ঠানিকভাৱে অসমৰ সমষ্টি পুনৰ গঠনৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে অহা ২৬ মার্চত তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীত বাহৰ পাতিব মুখ্য নির্বাচন আয়ুক্তৰ লগতে আন দুই নির্বাচন আয়ুক্তই৷ দেশৰ নির্বাচন আয়োগে ইতিমধ্যে ৰাজ্যৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা পুনৰ নির্ধাৰণৰ বাবে দায়িত্ব গ্রহণৰ পাছত প্রাৰম্ভিক কাম–কাজ আগুৱাই নিয়াৰ লক্ষ্যৰে গুৱাহাটীত মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা বৃহৎ দলে ২৬ মার্চৰ পৰা আৰম্ভ কৰিব কাম–কাজ৷ উল্লেখ্য যে সমষ্টি পুনৰ নির্ধাৰণৰ বাবে ইতিমধ্যে প্রকাশ কৰা অধিসূচনাৰ পাছতেই অসমত নতুন প্রশাসনিক গোট গঠনত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ এনে প্রক্রিয়াৰ মাজতে দেশৰ তিনি নির্বাচন আয়ুক্তৰ অসম ভ্রমণে সমষ্টি পুনৰ গঠনৰ আনুষ্ঠানিকতা যে গুৱাহাটীৰ পৰাই আৰম্ভ হ’ব সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷

জানিব পৰা মতে, ২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া সম্পন্ন কৰাৰ বাবে আয়োগে ইতিমধ্যেই ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ গঠনৰ প্রাৰম্ভিক খচৰা তালিকা এখন প্রস্তুত কৰি উলিয়াইছে৷ এই প্রক্রিয়া আগুৱাই নিয়াৰ লক্ষ্যৰে শেহতীয়াকৈ ৰাজ্যিক নির্বাচন বিভাগে জিলা, মহকুমা আৰু মৌজাভিত্তিক তথ্য–মানচিত্র প্রস্তুত কৰি আয়োগক অর্পণ কৰিছে৷ অসমৰ মুখ্য নির্বাচন বিষয়াৰ কার্যালয়ে প্রকাশ কৰা অনুসৰি গুৱাহাটীলৈ তিনিদিনীয়া ভ্রমণৰ উদ্দেশ্যে আহিবলগা মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নির্বাচন আয়ুক্তদ্বয় ক্রমে অনুপ চন্দ্র পাণ্ডে, অৰুণ গোৱেলে সমষ্টি পুনৰ নির্ধাৰণৰ ক্ষেত্রত বাস্তৱসন্মত সত্যতা সন্দর্ভত জনসাধাৰণৰ মত ল’ব৷ ২৬ মার্চৰ পৰা ২৮ মার্চলৈকে এই তিনি দিন তিনি নির্বাচন আয়ুক্তই ৰাজ্যৰ সকলো জিলাৰ নির্বাচন বিষয়া, উপয়ুক্তকে ধৰি ৰাজনৈতিক দল, জনপ্রতিনিধি, নাগৰিক সমাজ, সামাজিক সংগঠন আৰু ৰাজ্যৰ প্রশাসনিক বিষয়াসকলৰ সৈতে বার্তালাপ কৰিব৷ আনহাতে, ২৭ মার্চত গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্বীকৃতিপ্রাপ্ত ৰাষ্ট্রীয় আৰু ৰাজনৈতিক দলৰ সৈতে মত বিনিময় কৰিব৷ একেদিনাই নাগৰিক সমাজৰ সৈতেও বার্তালাপ কৰিব তিনি নির্বাচন আয়ুক্তই৷

মন কৰিবলগীয়া যে ২০২৩ বর্ষৰ ভিতৰতে সমষ্টি পুনৰ গঠনৰ প্রক্রিয়া সম্পন্ন কৰাৰ লক্ষ্য কৰি লৈছে নির্বাচন আয়োগে৷ অসমৰ মুখ্য নির্বাচন বিষয়াৰ কার্যালয়ৰ সূত্র অনুসৰি চলিত বর্ষত সমষ্টিৰ সীমা নির্ধাৰণৰ বিষয়টো আগুৱাই নি ২০২৪ চনৰ জানুৱাৰী মাহত নতুন সমষ্টিভিত্তিক ভোটাৰ তালিকা প্রস্তুত কৰা হ’ব৷ সমষ্টি পুনৰ গঠনৰ এই প্রক্রিয়াত অসমৰ ১২৬টা সমষ্টিৰ লগতে ১৪টা লোকসভা সমষ্টিৰ সংখ্যা একেধৰণেই থাকিব৷ অর্থাৎ কোনো সমষ্টি হ্রাস নহয় বা বৃদ্ধি নহয়৷ ইয়াৰ বিপৰীতে ৫০ শতাংশতকৈ অধিক বিধানসভা সমষ্টিৰ সীমা যথেষ্ট সালসলনি হ’ব৷ বিশেষকৈ নামনি অসমত কেইবাটাও লোকসভা সমষ্টিৰ লগতে বিধানসভা সমষ্টিৰো সীমা সালসলনিৰ সম্ভাৱনা আছে৷ বিশেষকৈ বৰপেটা, কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগতে নগাঁও, কলিয়াবৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তর্গত বহুকেইটা বিধানসভা সমষ্টিৰ সীমা সালসলনি হোৱাৰ সম্ভাৱনা অধিক৷ মুখ্যতঃ এই লক্ষ্যৰেই ইতিমধ্যে অসম চৰকাৰে বজালী, তামুলপুৰ, হোজাই আৰু বিশ্বনাথ জিলা পূর্বৰ বৰপেটা, ওদালগুৰি, নগাঁও আৰু শোণিতপুৰ জিলাত চামিল কৰিছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি মুখ্য নির্বাচন আয়ুক্ত নেতৃত্বাধীন দলটোৱে প্রাৰম্ভিক সকলো দিশ পর্যালোচনা কৰি উভতি যোৱাৰ পাছতেই সমষ্টি পুনৰ গঠনৰ খচৰা তালিকা ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে৷ এই খচৰা প্রকাশৰ পাছতেই ৰাজনৈতিক দল তথা ৰাইজৰ মতামত আৰু ওজৰ–আপত্তি গ্রহণৰ বাবে ছমাহ শুনানি প্রক্রিয়া চলিব৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজপত্রিত অধিসূচনা জাৰি কৰা হ’ব৷ সমষ্টি পুনৰ গঠনৰ খচৰা প্রকাশৰ ক্ষেত্রত ২০০৮ চনৰ খচৰাৰ পৰা কোনোধৰণৰ সহায় লোৱা নহয়৷ উল্লেখ্য যে বিগত বর্ষৰ ২৭ ডিচেম্বৰত কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ৰ নির্দেশমর্মে নির্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ গঠনৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে অধিসূচনা জাৰি কৰিছিল৷

You might also like