নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰিঃ ১ আইএএছ–৪ এচিএছ বিষয়াক নিলম্বন

  • শেৱালী দেৱী শর্মা–মুনীন্দ্র বৰদলৈ–শর্মিষ্ঠা বৰা–সুকন্যা বৰা–হেমন্ত কুমাৰ দত্তৰ বিৰুদ্ধে তদাৰকী কোষৰ প্রতিবেদন

 

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ:  ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি ব্যৱহাৰত সংঘটিত কেলেংকাৰি সন্দর্ভত ৰাজ্য চৰকাৰে এগৰাকী আইএএছ বিষয়াসহ চাৰিগৰাকী এচিএছ বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিছে৷ ৰাজ্য চৰকাৰে নিলম্বন কৰা আইএএছ বিষয়াগৰাকী হৈছে শেৱালী দেৱী শর্মা৷ সেইদৰে নিলম্বিত চাৰি এচিএছ বিষয়া হৈছে কামৰূপ (মহানগৰ) জিলাৰ তদানীন্তন ভাৰপ্রাপ্ত জিলা উন্নয়ন আয়ুক্ত তথা বর্তমান তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কার্যবাহী সদস্য মুনীন্দ্র বৰদলৈ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ–সচিব শর্মিষ্ঠা বৰা, কামৰূপ (মহানগৰ) জিলাৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা আৰু কামৰূপ (মহানগৰ) জিলাৰ সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত৷

উল্লেখ্য যে উক্ত বিষয়াসকল সাংসদ ভূঞাৰ ২০২১–২২ আৰু ২০২২–২৩ বিত্তীয় বর্ষৰ সাংসদ পুঁজিৰে কৰিবলগীয়া বিভিন্ন কামৰ ক্ষেত্রত নির্মাণ কমিটীৰ সভাপতিৰ দায়িত্বত আছিল৷ ভূঞাৰ সাংসদ পুঁজিৰে সম্পাদন কৰা বিভিন্ন কাম–কাজৰ ক্ষেত্রত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হোৱাৰ পাছতেই মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে তদন্তৰ ব্যৱস্থা কৰে৷ তদন্তৰ প্রতিবেদনত সেই কামসমূহৰ পুঁজি ব্যৱহাৰত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হোৱাটো পোহৰলৈ অহাৰ পাছতেই চৰকাৰে উক্ত বিষয়াকেইগৰাকীক মুখ্যমন্ত্রীৰ অনুসন্ধানকাৰী সংস্থাটোৰ প্রতিবেদনৰ ভিত্তিত তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বনৰ নির্দেশ দিয়ে৷

উল্লেখ্য যে সাংসদ ভূঞাই সাংসদ পুঁজিৰ ধনেৰে কাগজে–কলমে বহু আঁচনি যুগুতায় যদিও কার্যক্ষেত্রত কোনো কাম–কাজ হোৱা নাছিল বুলি ৰাইজৰ তৰফৰ পৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ হাজো, ৰঙিয়া, কমলপুৰ আদিত বিভিন্ন বাট–পথ নির্মাণৰ নামত শিল এটাও পেলোৱা নাছিল৷ আনকি সেই আঁচনিৰ কামৰ বিষয়ে নামফলক এখনো লগোৱা নাছিল৷ ইয়াক কেন্দ্র কৰি ৰঙিয়া, কমলপুৰ আদিত স্থানীয় ৰাইজে ৰাজপথত আন্দোলন পর্যন্ত কৰি প্রতিবাদ সাব্যস্ত কৰে৷ এই প্রসংগতে উল্লেখনীয় যে সাংসদ, বিধায়ক পুঁজি আদিৰে সম্পাদন কৰা বিভিন্ন কামৰ ৰূপায়ণৰ দায়িত্বত জিলা প্রশাসনৰ বিষয়াসকল থাকে৷ নির্মাণ কমিটীৰ সভাপতিৰ দায়িত্ব সাধাৰণতে স্থানীয় নাগৰিকক দিয়া হয়৷ প্রশাসনৰ তৰফৰ পৰা সেয়া পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিহে মোকলাই দিয়া হয়৷ কিন্তু সাংসদ ভূঞাৰ ক্ষেত্রত আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্রত স্থানীয় ৰাইজক সম্পূর্ণৰূপে অন্ধকাৰত ৰখা হৈছিল৷ শেহতীয়াকৈ মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষৰ তদন্তত ভূঞাৰ সাংসদ পুঁজি ব্যৱহাৰত ব্যাপক অনিয়ম আৰু দুর্নীতি পোহৰলৈ অহাটোৱে বিশেষ তাৎপর্য বহন কৰিছে৷

You might also like