নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–চীন সীমান্তৰ নেচিফু সুৰংগৰ নির্মাণ সম্পূর্ণ: জুনত সম্পূর্ণ হৈ ডঠিব অৰুণাচলৰ সুউচ্চ ছেলা পাছ সুৰংগ

  •  দেশৰ প্রতিৰক্ষা ক্ষেত্রত যুগান্তকাৰী পদক্ষেপ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ: ভাৰত–চীন সীমান্তৱতী অঞ্চলত কেন্দ্রীয় চৰকাৰে যাতায়াত ব্যৱস্থা শেহতীয়াকৈ অধিক ডন্নত কৰাৰ বাবে কেতবোৰ অভিলাষী পদক্ষেপ গ্রহণ কৰিছে৷ অৰুণাচল প্রদেশৰ দুর্গম পথেৰে যান–বাহন চলাচল আৰু গধুৰ সামগ্রী কঢ়িয়াই নিয়াৰ ক্ষেত্রত বহু সময়ত সমস্যাৰ সন্মুখীন হৈ আহিছিল ভাৰতীয় সেনা৷ যাৰ বাবে নির্দিষ্ট সময়ত সেনাৰ সঞ্চালন আৰু অঞ্চলটোৰ স্থানীয় ৰাইজ তথা পর্যটকৰ বাবে অৰুণাচলৰ ভূ–স্বর্গ সদৃশ ঠাইবোৰলৈ অনায়াসে যাত্রা কৰিব পৰা নগৈছিল৷ কিন্তু এতিয়া আৰু সেই সমস্যা নাথাকিব৷ কাৰণ অৰুণাচল প্রদেশৰ ভাৰত–চীন সীমান্তলৈ যোৱা পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নির্মাণ সম্পূর্ণ হৈ ডঠিছে৷ একেদৰে ছেলা পাছৰ সুৰংগৰ নির্মাণকার্যও আৰু কিছুদিন পাছত সম্পূর্ণ হৈ ডঠিব৷ নেচিফু সুৰংগটো অহা মে’ মাহত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে মুকলি কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে তেজপুৰস্থিত সীমান্ত পথ নির্মাণ সংস্থাৰ ভর্তক প্রকল্পৰ মুখ্য অভিযন্তা ব্রিগেডিয়াৰ ৰমন কুমাৰে৷ ডল্লেখ্য যে ভাৰত–চীন সীমান্তলৈ যোৱা অৰুণাচল প্রদেশৰ বালিপৰা–চাৰিদুৱাৰ সংযুক্ত ২১৮নং ৰাষ্ট্রীয় ঘাহপথৰ ওপৰত নির্মাণ হোৱা দুটা সুৰংগৰ দায়িত্বত আছে সীমান্ত পথ নির্মাণ সংস্থাৰ ভর্তক প্রকল্প৷ এই সুৰংগ দুটাৰ ভিতৰত জৰুৰী সেৱাসমূহ ২৪ ঘণ্টাহ ডপলব্ধ হ’ব৷ হতিমধ্যে নির্মাণ সমাপ্তি হোৱা নেচিফু সুৰংগৰ দৈর্ঘ্য ৫০০ মিটাৰ, যাৰ ফলত টাৱাং সংযোগী পথৰ দূৰত্ব ৭ কিলোমিটাৰ হ্রাস পাব৷ তদুপৰি বৰফাবৃত্ত অঞ্চলসমূহত সকলো বতৰতে সেনাৰ যান–বাহনৰ লগতে সর্বসাধাৰণ লোকৰ চলাচলো সুচল হৈ পৰিব৷ এই সন্দর্ভত ব্রিগেডিয়াৰ ৰমন কুমাৰে আৰু কয় যে ক’ভিডৰ বিগত দুটা বছৰ নির্মাণ কামত কিছু প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল যদিও পৰৱর্তী সময়ত এহ প্রত্যাহ্বান আওকাণ কৰি ব’ডাৰ ৰোডছে দ্রুত গতিত এটা সুৰংগৰ নির্মাণ সম্পূর্ণ কৰিলে আৰু আনটো ছেলা পাছৰ সুৰংগ জুন মাহত সম্পূর্ণ হৈ ডঠিব৷ প্রণিধানযোগ্য যে সাগৰপৃষ্ঠৰ পৰা ১৩ হাজাৰ ফুট উচ্চতাত নির্মাণ হোৱা ছেলা পাছৰ দুটাকৈ সুৰংগ আৰু ইয়াৰ সংযোগী পথক সামৰি ১১ কিলোমিটাৰজোৰা এই প্রকল্প সমগ্র দেশৰ ভিতৰতে হ’ব সর্বাধিক উচ্চতাৰ আৰু অত্যাধুনিক সুবিধাযুক্ত সুৰংগ৷ এই সুৰংগেৰে সেনাৰ যিকোনো গধুৰ যান–বাহন চলাচল কৰাৰ সমান্তৰালকৈ সর্বসাধাৰণ লোকৰ যাতায়াতৰ বাবেও সুকীয়া ব্যৱস্থা থাকিব৷ ২৪ ঘণ্টাই মুকলি থাকিবলগীয়া এই সুৰংগটোত জৰুৰী সেৱা উপলব্ধ হোৱাৰ লগতে অত্যাধুনিক প্রযুক্তিৰ সহায়ত আলোক আৰু চেঞ্চৰ আদিৰ ব্যৱস্থা থাকিব৷ দুয়োটা সুৰংগ মুকলি হোৱাৰ পাছত অৰুণাচল প্রদেশলৈ অধিক পর্যটকৰ আগমন ঘটিব বুলিও আশা কৰা হৈছে৷ তদুপৰি ব’ডাৰ ৰোডছে টাৱাং জিলাৰ লুংলা মহকুমাৰ জেমিথাং ৰাজহ চক্রৰ অধীনত খেনজিমনি জেমিথাং পথ নির্মাণ কৰি ডলিয়াইছে৷ এসময়ত এই পথটো দুর্গম আছিল৷ ঐতিহাসিক গুৰুত্ব থকা এই পথেৰে তিব্বতীয়ান ধর্মগুৰু দালাহ লামাহ ভাৰতবর্ষত প্রৱেশ কৰিছিল৷ চীন–ভাৰত সীমান্তৱত্ ৭ কিলোমিটাৰ দৈর্ঘ্যৰ এই পথছোৱা নতুনকৈ নির্মাণ কৰা হৈছে বুলিও ব্রিগেডিয়াৰগৰাকীয়ে জানিবলৈ দিয়ে৷ সুৰংগ আৰু পথ নির্মাণৰ জৰিয়তে অৰুণাচলত যাতায়াত ব্যৱস্থাৰ যুগান্তকাৰী সূচনা হ’ব৷ যাৰ ফলত অঞ্চলটোৰ ৰাইজে সকাহ লাভ কৰাৰ লগতে পর্যটকৰ বাবেও হৈ পৰিব অৰুণাচল অন্যতম লক্ষ্যস্থান৷ এই সুৰংগ আৰু সীমান্তৱত্ পথ নির্মাণে দেশৰ প্রতিৰক্ষাকো শক্তিশালী কৰি তুলিব৷

You might also like