নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিআইডিৰ জালত নগাঁও মেডিকেলৰ ছাত্র মহম্মদ আছিক

🔹 একাদশ শ্রেণীৰ গণিতৰ প্রশ্নকাকত ফাদিল কেলেংকাৰি

বিশেষ বাৰ্তা, ১৯ এপ্রিল : ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা একাদশ শ্রেণীৰ গণিত বিষয়ৰ প্রশ্ণকাকত ফাদিল কেলেংকাৰিক লৈ চিআইডিয়ে তদন্ত অব্যাহত ৰাখি নগাঁৱৰ পৰা এজন যুৱকক গ্রেপ্তাৰ কৰিছে৷ ধৃত যুৱকজন নগাঁৱৰ শ্বেখ মহম্মদ নাছিৰুদ্দিনৰ পুত্র মহম্মদ আছিক (২৬)৷ উল্লেখ্য যে নগাঁৱৰ বগৰীগুৰি এডভান্স একাডেমীৰ অংশকালীন শিক্ষকৰূপে কর্তব্যৰত মহম্মদ আছিকে প্রশ্ণকাকত দিয়াৰ নামত ইউপিআইযোগে বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰিছিল৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, নিজৰ পিতৃৰ মালিকানাধীন শিক্ষানুষ্ঠানখনত অংশকালীন শিক্ষকৰূপে কাম কৰা মহম্মদ আছিকে নগাঁও চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ দ্বিতীয় ষাণ্মাসিকৰ ছাত্রৰূপে অধ্যয়ন কৰি আছে৷ বিদ্যালয়খনৰ পৰাই অংকৰ প্রশ্ণকাকত ফাদিল কৰা মহম্মদ আছিকে বহু ছাত্র–ছাত্রীক প্রশ্ণকাকত যোগান ধৰি মোটা অংকৰ ধন সংগ্রহ কৰিছিল৷ পূর্বতেও চুৰি, প্রৱঞ্চনা, অপহৰণৰ দৰে দুটাকৈ গোচৰত জড়িত থকা মহম্মদ আছিকে নগাঁও চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছত কিদৰে নামভর্তি কৰিবলৈ সক্ষম হ’ল, তাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ আৰক্ষী সূত্রটোৱে সদৰী কৰা মতে, মহম্মদ আছিকৰ এমবিবিএছৰ নামভর্তি সন্দর্ভতো সন্দেহ আছে আৰক্ষীৰ৷ পৰৱর্তী সময়ত এই বিষয়টোকো তদন্তৰ আওতালৈ অনাৰ সম্পূর্ণ সম্ভাৱনা আছে বুলি সূত্রটোৱে জনাইছে৷ চিআইডিয়ে ইতিমধ্যে ৰুজু হোৱা ৬/২৫ নম্বৰৰ গোচৰটোৰ অধীনত ধৃত ছাত্রজনক গ্রেপ্তাৰ কৰি কালি আদালতত হাজিৰ কৰায়৷

You might also like