নিয়মীয়া বাৰ্তা, ২১ জুনঃ বৰলীয়া নৈৰ বাঢ়নী পানীত বুৰিল ৰঙিয়াৰ চিৰাখুন্দি । ৰঙিয়া-চিৰাখুন্দি পথ আৰু ৰঙিয়া-গোৰেশ্বৰ পথৰ কেইবাটাও অংশ বৰলীয়া নৈৰ বানে উটুৱাই নিছে। বন্ধ হৈ পৰিছে প্ৰায় ২০খন গাঁৱৰ যাতায়াত । ক”ৰবাত যদি একাঁঠু পানী, আন ক”ৰবাত আকৌ একঁকাল । যাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ । ঠায়ে ঠায়ে ছিঙি যোৱা অংশৰে নদীসদৃশ পানী বৈ আছে । পথটো বিধ্বস্ত হোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে যাতায়াত ব্যৱস্থা একপ্ৰকাৰ ব্যাহত হৈ পৰিছে । অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ এই ভগ্ন পথ দুয়োটাৰে বিপজ্জনকভাৱে অহা-যোৱা কৰাত ইতিমধ্যে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । তাৰ পিছতো বিপদসংকুল যাতায়াত কৰিবলৈ বাধ্য হৈছে স্থানীয় লোকসকলে । জৰুৰীকালীন সময়ত কোনো বাহন যাব নোৱাৰে । আনকি ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থাও নাই ।
প্ৰেৰক ফাৰুক হুছেইন