নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৰঙাপৰা সমষ্টিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

🔷 উদ্বোধন কৰিব দুখনকৈ চাহ বাগিচা আদৰ্শ বিদ্যালয়

নিয়মীয়া বাৰ্তা, ২১ জুনঃ শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিত বিশেষ কাৰ্যসূচীত কাইলৈ উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । জানিব পৰা মতে, মুখ্যমন্ত্ৰীগৰাকী পুৱা ৯ বজাত ৰঙাপৰা সমষ্টিত উপস্থিত হৈ বালিপৰাৰ নিউ আদাবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ শুভাৰম্ভ কৰিব । তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙাপৰা সমষ্টিৰ গৰৈমাৰীৰ সমীপৰ সোণাবিলত উপস্থিত হৈ সোণাবিল চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব । একেদৰে ড০ শৰ্মাই সোণাবিলৰ মালিজান খেলপথাৰত অনুষ্ঠিতব্য এখন বিশাল জনসভাতো অংশগ্ৰহণ কৰিব । অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ জিলা প্ৰশাসন, দুয়োখন বিদ্যালয়ৰ কৰ্তৃপক্ষ, ৰঙাপৰা বালিপৰা ব্লক মণ্ডল বিজেপি, জনতা যুৱ মৰ্চা, মহিলা মৰ্চাৰ লগতে সকলো মৰ্চাই প্ৰস্তুতি চলাইছে।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like