🔹 নতুন প্ৰজন্মক গছপুলি ৰুবলৈ শিকাওক, তেওঁলোকেই এখন নতুন পৃথিৱী গঢ় দিব- যাদৱ পায়েং
নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ : পঁচিছটা বছৰে শিক্ষাৰ জ্যোতি বিয়পাই উত্তৰ অসমত মানৱ সম্পদ গঢ় দিয়া ঢকুৱাখনা মহকুমাৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা বি এড কলেজত আজিৰে পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে বৰ্ষজোৰা ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণী অনুষ্ঠান। ৰূপালী জয়ন্তী সমাৰোহৰ শুকুৰবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত এক উখল-মাখল পৰিৱেশত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী, প্ৰশিক্ষক, কৰ্মচাৰী, প্ৰাক্তন প্ৰশিক্ষাৰ্থী তথা শিক্ষাব্ৰতী ৰাইজৰ উপস্থিতিত মহাবিদ্যালয় আৰু ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰা আৰু উদযাপন সমিতিৰ সভাপতি পূর্ণানন্দ গগৈয়ে। ইয়াৰ আগতে পুৱা ৮ বজাত মহাবিদ্যালয়ৰ প্রশিক্ষার্থী একতা সভাৰ উদ্যোগত অনুষ্ঠিত গছপুলি ৰোপণ অনুষ্ঠানত মুখ্য ৰোপক হিচাপে উপস্থিত থাকে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং। অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰণ্য মানৱ যাদৱ পায়েঙে কয়- ‘নতুন প্ৰজন্মক গছপুলি ৰুবলৈ শিকাওক। তেতিয়া আমাৰ ভাৰতবৰ্ষখন সেউজীয়া হৈ পৰিব আৰু তেওঁলোকেই এখন নতুন পৃথিৱী গঢ় দিব।’ ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে প্ৰতিজন লোককে সজাগ হ’বলৈ পায়েঙে আহ্বান জনাই কয়- আমাৰ চাৰিওফালে থকা মাটি, পানী, বায়ু আদি প্ৰাকৃতিক বাতাৱৰণ এটাৰ মাজত মানৱ সমাজে জীৱন নিৰ্বাহ কৰে। মানৱ সমাজৰ বিকাশৰ বাবে প্ৰাকৃতিক ভাৰসাম্যৰ দৰকাৰ। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত গছ-গছনিয়ে মুখ্য ভূমিকা লৈছে। গছ-গছনি অবিহনে এই সুন্দৰ পৃথিৱীখন মৰুত পৰিণত হ’ব, ধ্বংস হ’ব প্ৰাণীজগত, পৃথিৱীত নানা মহামাৰীয়ে দেখা দিব। এই বিপদসমূহৰ পৰা ৰক্ষা পাবৰ বাবে মানুহক বৃক্ষৰোপণৰ প্ৰতি সচেতন হ’বলৈও আহ্বান জনায়। আনহাতে, ভাৰতৰ দ্ৰুতহাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ কথা উল্লেখ কৰি পায়েঙে কয়- ‘এনেকৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈ থাকিলে আৰু কিছুবছৰ পাছত ভাৰতৰ জনসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক হ’ব। ফলত প্ৰদূষণ বৃদ্ধি পাব আৰু জলবায়ুৰ পৰিৱৰ্তন ঘটিব। গতিকে ইয়াৰ পৰা ৰক্ষা পাবলৈ এতিয়াৰ পৰাই সকলোৱে গছ ৰোৱক।’ এই অনুষ্ঠানতে অৰণ্য মানৱগৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে অসমৰ জলবায়ুৰ প্ৰতিকূল বহিঃৰাজ্যৰ পৰা আমদানি কৰা বৃক্ষৰোপণৰে যি সেউজ অসম গঢ়াৰ পৰিকল্পনা কৰিছে, এয়া বাস্তৱসন্মত নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অৰণ্য মানৱ যাদৱ পায়েঙৰ মতে এই সময়ছোৱা গছপুলি ৰোপণৰ উপযোগী সময় নহয় বুলি উল্লেখ কৰি ইয়াৰ আধাসংখ্যক গছপুলিয়েই জী উঠাত সন্দেহ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত দুপৰীয়া ১১ বজাত প্ৰাক্তন প্ৰশিক্ষাৰ্থীসকলৰ অনুদানেৰে নিৰ্মিত স্থায়ী বাহন আস্থান উন্মোচন কৰে শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে। দুপৰীয়ালৈ জয়ন্তীৰ মুকলি সভাৰ মঞ্চ উদ্বোধন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সেৱক চন্দ্র চুতীয়াই ৷ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা সমৱেত সংগীতেৰে আৰম্ভ হোৱা মঞ্চ উদ্বোধনী ভাষণত অধ্যাপক চুতীয়াই কয়- জ্ঞানেই সৰ্বোচ্চ শক্তি আৰু সৰ্বোচ্চ ক্ষমতা ৷ জ্ঞানৰ কঠীয়াতলী ঢকুৱাখনা বি এড মহাবিদ্যালয়ে ২৫ বছৰীয়া এই স্বৰ্ণিল যাত্ৰাপথত গ্ৰহণ কৰা ব্যতিক্ৰমী শিক্ষা ব্যৱস্থা আন আন শিক্ষানুষ্ঠানৰ বাবে অনুকৰণীয় আদৰ্শ হৈ ৰ’ব। ইয়াৰ পিছতে অনুষ্ঠিত হয় “নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ : প্রত্যাহ্বান আৰু প্ৰত্যাশা” শীৰ্ষক এক মনোজ্ঞ আলোচনা সত্র। লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশীযে মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰা আলোচনা সত্ৰত আলোচক হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পংকজ বৰাই বিস্তৃতভাৱে নতুন শিক্ষা নীতিৰ গাঁথনি আৰু ইয়াৰ প্ৰয়োগিক দিশসমূহৰ ওপৰত ব্যাখ্যা কৰে।
প্ৰেৰক পুলকজ্যোতি বৰা