নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : আজি তিনিচুকীয়াৰ শুকানপুখুৰীস্থিত নৱনিৰ্মিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চিকিৎসা মহাবিদ্যালয়খনত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে কাম-কাজৰ বুজ লয় আৰু এই পৰ্যন্ত মহাবিদ্যালয়খনৰ কাম-কাজ ৮০ শতাংশ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি এতিয়াও আমাৰ হাতত আৰু জুন মাহলৈ ৫ মাহ সময় বাকী আছে বুলি সদৰী কৰে ৷ সমান্তৰালভাৱে আগন্তুক শিক্ষাবৰ্ষৰ পৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ১০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰি মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কালত সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তৰংগ গগৈ, বিধায়ক পোনাকণ বৰুৱা, বিধায়ক বলীন চেতিয়া, বিধায়ক ৰূপেশ গোৱালাকে আদি কৰি বিভাগীয় বিষয়াসকলে ৷

প্ৰেৰক বিবেক বৰা

You might also like