গোৱৰাদল-ষাঠিকুছি সভা মহোৎসৱত মুখ্যমন্ত্ৰীৰ জন্মদিন পালন
📌 অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাই দিনে-ৰাতিয়ে কাম কৰি আছে
📌ড° শৰ্মাৰ নেতৃত্বত চৰকাৰে সৰ্বসাধাৰণৰ উন্নয়নৰ হকে কাম কৰি আহিছে
📌ড° শৰ্মাৰ কাৰ্যকালত অসমত উন্নয়নৰ বিশাল যাত্ৰা আৰম্ভ হৈছে
এই মন্তব্য ৰেখাৰাণী দাস বড়োৰ
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ ৰাজ্যখনৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন৷ আজি ৫৬ বছৰ গৰকি ৫৭ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ড° শৰ্মাই৷ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে নলবাৰী জিলাৰ গোৱৰাদল-ষাঠিকুছি অঞ্চলত চলি থকা ঐতিহ্যমণ্ডিত গোৱৰাদল-ষাঠিকুছি ৰাজহুৱা সভা মহোৎসৱৰ আজি শেষৰ দিনাৰ কাৰ্য্যসূচীৰ মাজতে সভা উদ্যাপন কমিটিয়ে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন উলহ-মালহেৰে পালন কৰে৷ৰাজ্যখনত মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি দলে “অনিৰুদ্ধ প্ৰগতি যাত্ৰাৰ এদিন” শিৰোনামেৰে বিশেষ কাৰ্যসূচী গ্ৰহন কৰাৰ সমান্তৰালকৈ বিভিন্ন দল সংগঠন, ব্যক্তি – প্ৰতিষ্ঠানে বিশেষভাৱে পালন কৰাৰ সময়তে ১১৭সংখ্যক গোৱৰাদল-ষাঠিকুছি ৰাজহুৱা সভা মহোৎসৱ উদ্যাপন কমিটিয়েও মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন আজি পালন কৰে৷ জন্মদিনৰ অনুষ্ঠানৰ আৰম্ভণিতে সভা মহোৎসৱৰ শ্ৰীশ্ৰী হৰিমন্দিৰত এগছি বন্তি প্ৰজ্বলনেৰে জন্মদিনৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰেখাৰাণী দাস বড়ো আৰু সভা মহোৎসৱ উদ্যাপন কমিটিয়ে ৷ লগতে উপস্থিত ৰাইজে হৰ্ষোল্লাস আৰু হৰিধ্বনিৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা কৰে। ইয়াৰ পাছত ৰাজহুৱা সভা মহোৎসৱস্থলীৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মুখ্যমন্ত্ৰী গৰাকীৰ ওপজা দিন পালন কৰে৷গোৱৰাদল-ষাঠিকুছি ৰাজহুৱা সভা মহোৎসৱ পৰিচালনা কমিটিৰ উপ-সভাপতি যতীন্দ্ৰ কুমাৰ দাসে আঁতধৰি পৰিচালনা কৰা অনুষ্ঠানত অসমৰ প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰেখাৰাণী দাস বড়োয়ে নিজৰ ভাষণ আগবঢ়াই ড° হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাষণ প্ৰসংগত কয় যে “ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে। ছাত্ৰ অবস্হাতেই ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয় (সম্প্ৰতি কটন বিশ্ববিদ্যালয়)ৰ ছাত্ৰ একতা সভাৰ তিনিতা বৰ্ষৰ সম্পাদকৰ দায়িত্ব লৈ বিচক্ষণতাৰ পৰিচয় দিয়া শৰ্মাই ২০০১ চনৰ পৰা জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা পাঁচটা কাৰ্যকাল একেৰাহে জয়ী হৈছে। পূৰ্বৰ কংগ্ৰেছ আমোলৰ তিনিটা কাৰ্যকালতো ড° শৰ্মাই তিনিওখন চৰকাৰতে মন্ত্ৰী হিচাপে নিজৰ দক্ষতা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত অসমৰ অনিৰুদ্ধ যাত্ৰা জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে আৰম্ভ হৈছে৷ জাগীৰোডৰ চেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা নামৰূপৰ সাৰ কাৰখানালৈ এক নতুন যাত্ৰাৰ সূচনা কৰিছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উন্নয়নৰ বাবে অহৰহ চিন্তা কৰি আছে৷ অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ বাবে তেখেতে দিনে-ৰাতিয়ে কাম কৰি আছে। তেওঁ ৰাজ্যৰ কৃষক আৰু ছাত্ৰ-ছাত্ৰীৰ মুখত হাঁহি বিৰিঙাইছে৷ তেওঁৰ কাৰ্য্যকালত অসমত উন্নয়নৰ বিশাল যাত্ৰা আৰম্ভ হোৱাৰ লগতে ৰাজ্যত শান্তি প্ৰতিষ্ঠা হৈছে৷ তেওঁৰ নেতৃত্বত অসম শিক্ষা, স্বাস্থ্য আৰু আৰ্থ সামাজিক দিশত আগুৱাই গৈছে”৷ অনুষ্ঠানত ৩৮নং পশ্চিম নতুন দেহৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মঞ্জুৰাণী দেৱীয়েও উপস্থিত থাকি নিজৰ ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীক ওপজা দিনৰ শুভেচ্ছা জনায়৷ জন্মদিনৰ অনুষ্ঠানত গোৱৰাদল-ষাঠিকুছি ৰাজহুৱা সভা মহোৎসৱ পৰিচালনা কমিটিৰ সভাপতি মনোহৰি বৰ্মন,কাৰ্য্যকৰী সভাপতি গণেশ চন্দ্ৰ হালৈ, সম্পাদক প্ৰধান দ্বিপেন বৰ্মন, সহকাৰী সম্পাদক অতুল চন্দ্ৰ বৈশ্য, স্বেচ্ছাসেৱক অধিনায়ক অভয়চৰণ বেজবৰুৱা, প্ৰশাসন সম্পাদক বাসুদেৱ দাস, কাৰ্য্যালয় সম্পাদক ধৰণীধৰ বৰ্মন, প্ৰচাৰ সম্পাদক তথা সাংবাদিক শৈলেন বৰ্মনকে ধৰি সভা কমিটিৰ সমূহ বিষয়ববীয়াৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, শিক্ষক, সাংবাদিক, শিল্পী আৰু বৃহত্তৰ অঞ্চলৰ বহুসংখ্যক ৰাইজ উপস্থিত থাকি সকলোৱে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷
প্ৰেৰক শৈলেন বৰ্মন