অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে নিজৰ নতুন নিৰ্বাচনী অংকৰ অংশ হিচাপে ৰাইজৰ দলক বাদ দি মিত্ৰতা চূড়ান্ত কৰিছে। বিৰোধী শিবিৰৰ আলোচনাৰ সৈতে জড়িত সূত্ৰ অনুসৰি, কংগ্ৰেছ দলে অখিল গগৈক পূৰ্ব-নিৰ্বাচনী মিত্ৰতাৰ পৰা বাদ দি আন বিৰোধী দলসমূহৰ সৈতে আসন বণ্টন চূড়ান্ত কৰিছে।
আঞ্চলিক আৰু আদৰ্শগত মিত্ৰ দলসমূহৰ সৈতে চুক্তি চূড়ান্ত হ’লেও অখিল গগৈৰ সৈতে হোৱা এই বিচ্ছেদে আগন্তুক এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক পৰিসৰত গুৰুত্বপূৰ্ণ পৰিবর্তন সূচাইছে।
তথ্য অনুসৰি, কংগ্ৰেছে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ (AJP)ক ১২খন আসন প্ৰদান কৰিছে। বাঁওপন্থী দলসমূহক ৪খন আসন দিয়া হৈছে আৰু জন ইংতি কাঠাৰ নেতৃত্বাধীন All-Party Hill Leaders’ Conference (এপিএইচএলচি)ক ২খন আসন এৰি দিয়া হৈছে।
প্ৰকাশিত বাতৰি অনুসৰি এজেপি (AJP)ক দিবলগীয়া সমষ্টিকেইটা হল-
খোৱাং, চেণ্ট্ৰেল গুৱাহাটী, বিন্নাকান্দি, শদিয়া, বঢ়মপুৰ, ডিব্ৰুগড়, বজালী, সৰুপথাৰ, ধেমাজি আৰু বৰাক উপত্যকাৰ এখন আসনসহ মুঠ ১২টা সমষ্টি দিয়া হৈছে।
বাঁওপন্থী দলক দিবলগীয়া সমষ্টি হল-
৪খন আসনৰ ভিতৰত চিপিএমে ২টা (ৰঙিয়া আৰু সৰভোগ-ভৱানীপুৰ), চিপিআই আৰু চিপিআই(এমএল)য়ে ১খনকৈ আসন লাভ কৰিছে। চিপিআই(এমএল)ক বিহালী সমষ্টি আৰু চিপিআইক ডিমৌ সমষ্টি দিয়া হৈছে বুলি সূত্ৰই জনায়।
আনহাতে এপিএইচএলচি (APHLC)-এ পাবলগীয়া সমষ্টি হল-
কাৰ্বি আংলঙত ২খন আসন জন ইংতি কাঠাৰ নেতৃত্বাধীন এপিএইচএলচিক দিয়া হৈছে।
এক বিশেষ সূত্ৰৰ মতে, এই মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণা কাইলৈ হোৱাৰ সম্ভাৱনা আছে।
ডিজিটেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী