নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলাক্ষ–বসন্তৰ বিধায়ক পদ খাৰিজৰ আবেদন কংগ্রেছৰ

🔹 বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কংগ্রেছ বিধায়িনী দলৰ

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : কংগ্রেছ দলত থাকি বিজেপি নেতৃত্বাধীন ৰাজ্যৰ মিত্রজোঁট চৰকাৰক পূর্ণ সমর্থন জনাব বুলি শেহতীয়াকৈ ঘোষণা কৰা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজ কৰাৰ আনুষ্ঠানিকতা আৰম্ভ কৰিছে কংগ্রেছে৷ এই উদ্দেশ্যে কালি বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ নেতৃত্বত কংগ্রেছ বিধায়িনী দলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সাক্ষাৎ কৰি বিধায়ক দুজনৰ পদ খাৰিজৰ আনুষ্ঠানিক আবেদন দাখিল কৰে৷ উল্লেখ্য যে শেহতীয়াকৈ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে অসম বিধানসভাৰ চলিত অধিৱেশনৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি ৰাজ্য চৰকাৰক সকলো ক্ষেত্রতে সমর্থন জনাব বুলি প্রস্তাৱ দিছিল৷ আনকি ৰাজহুৱাভাৱে দুয়োজন বিধায়কে এইবুলিও ঘোষণা কৰিছিল যে কংগ্রেছ দলত থাকিয়েই ৰাজ্য চৰকাৰক সমর্থন জনাই যাব৷ বিধায়ক দুজনে কংগ্রেছৰ নীতি–আদর্শৰ বিৰুদ্ধে গ্রহণ কৰা এনে পদক্ষেপৰ পিছতেই যোৱা ১৪ ফেব্রুৱাৰীত প্রদেশ কংগ্রেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে এক পত্রযোগে দুয়োজন বিধায়কক কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰিছিল৷ এই জাননীত স্পষ্ট কৰিছিল যে দুয়োজন বিধায়কে ৰাজহুৱাভাৱে চৰকাৰৰ প্রতি আনুগত্য প্রকাশ কৰা কার্যই দলীয় কর্মীৰ মনত ভুল ধাৰণাৰ সৃষ্টি কৰাৰ লগতে কংগ্রেছ দলৰ ভাবমূর্তি কলুষিত হৈছে৷ এইক্ষেত্রত বিধায়ক দুজনক স্থিতি স্পষ্ট কৰিবলৈও জাননীত উল্লেখ কৰা হৈছিল৷ দলৰ এই জাননীৰ পিছতো কোনোধৰণৰ উত্তৰ নিদি নির্বিকাৰ হৈ থকা কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসক কালি অযোগ্য ঘোষণা কৰিবলৈ বিধানসভাৰ অধ্যক্ষৰ ওচৰত আনুষ্ঠানিক আবেদন দাখিল কৰে কংগ্রেছে৷ ইয়াৰ পূর্বেও কংগ্রেছে শ্বেৰমান আলী আৰু শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন দিছিল৷

You might also like