নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত বন্দুক লৈ নহৰু খেতিত পহৰা কৃষকৰ

🔹 এফালে দামবৃদ্ধি আনফালে চোৰৰ সন্ত্ৰাস

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : বজাৰত নহৰুৰ দাম আকাশলংঘী৷ বিগত কেইসপ্তাহমান ধৰি দেশৰ বজাৰত নহৰুৰ দাম বৃদ্ধিয়ে মধ্যবিত্তক জলাকলা খুৱাইছে ৷ কিন্তু মহাৰাষ্ট্র, গুজৰাট, মধ্যপ্রদেশ আদি ৰাজ্যৰ কৃষকসকল নহৰুৰ এই দাম বৃদ্ধিক লৈ অতি সুখী৷ কিন্তু ইয়াৰ সমান্তৰালকৈ দুশ্চিন্তাতো পৰিছে কৃষকসকল৷ নহৰুৰ দাম বৃদ্ধি পোৱাৰ লগে লগে পথাৰৰ পৰাই বহু নহৰু চুৰি হৈছে কেইবাখনো ৰাজ্যৰ কৃষকৰ৷ নহৰু চুৰি বন্ধ কৰিবলৈ ২৪ ঘণ্টা ধৰি কৃষকসকলে পথাৰত পহৰা দিবলগীয়া হৈছে৷ মধ্যপ্রদেশৰ বিভিন্ন স্থানত হাতত বন্দুক লৈ কৃষকে নহৰু খেতিত পহৰা দিয়া পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ ৰাজ্যখনৰ মংগৰোলা গাঁৱত কৃষকে বন্দুক লৈ নহৰু খেতিত পহৰা দি থকা দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ অকল বন্দুকেই ভৰসা নহয়, বহু কৃষকে নহৰু খেতিত নজৰদাৰী কটকটীয়া কৰিবলৈ চি চি টিভি কেমেৰা বহুওৱাৰ উপৰি পথাৰত এৰি দিছে পোহনীয়া কুকুৰো৷

You might also like