২৫–৩০ৰ ভিতৰত থাকিব কংগ্রেছ–ইউডিএফ
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি থকাৰ সময়তে শাসক দল বিজেপিয়ে সেই মিত্রতাক প্রতিহত কৰাৰ পণ লৈছে৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দল অসমৰ বৰঘৰত সোমালে ৰাজ্যখনৰ ভৱিষ্যৎ ধ্বংস হোৱাৰ লগতে অসমৰ সভ্যতা–সংস্কৃতি বিপন্ন হোৱাৰ আশংকাতে বিজেপিয়ে আজমল যাতে বৰঘৰত সোমাব নোৱাৰে, তাৰ বাবে কাম কৰি যোৱাৰ সংকল্প লৈছে৷
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই বিজেপিয়ে গ্রহণ কৰা সেই পণৰ বিষয়ে সদৰী কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছ–এআইইউডিএফে মিত্রতা কৰিলেও তেওঁলোকক ২৫ৰ পৰা ৩০খন আসনৰ ভিতৰত সীমাবদ্ধ কৰি ৰাখিব৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ১০০খন আসন লাভ কৰিব বুলি তেওঁ প্রকাশ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে এআইইউডিএফৰ লগত কংগ্রেছৰ জোঁটবন্ধন হ’লে অসমৰ সভ্যতা–সংস্কৃতি থাকিব নে নাই, তাক লৈয়ে চিন্তা হৈছে৷ যোৱা কেইদিনমানৰ পৰা সংবাদ মাধ্যমে বিজেপি, কংগ্রেছ প্রত্যেককে আজমলৰে কংগ্রেছৰ হ’বলগীয়া মিত্রতাক লৈ নানান প্রশ্ণ কৰি থকা দেখা গৈছে৷ যেতিয়াই সংবাদ মাধ্যমৰ মুখামুখি হয়, তেতিয়াই সেই প্রশ্ণই উত্থাপন হয়৷ আজি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাও সংবাদ মাধ্যমে আজমলক লৈ প্রশ্ণ কৰাত তেওঁ আচৰিত হৈ পৰিছে৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা নৌহওঁতেই অসমখন আজমলময় হৈ গ’ল৷ এনে পৰিস্থিতিত ৰাজ্যখনক ৰক্ষা কৰিব লাগিব৷ যোৱা ৭টা দিনৰ ভিতৰত অসমৰ পৰিৱেশ সাংঘাতিক ধৰণে সলনি হ’ল৷ কংগ্রেছে গোটেই জাতিটোক যথেষ্ট তললৈ নমাই লৈ গ’ল৷ আজমলৰে মিত্রতা নৌহওঁতেই কংগ্রেছে মানসিকভাৱে আজমলক সকলোৰে শৰীৰত, প্রাণত দি দিলে৷ অসমৰ ভৱিষ্যৎ কিমান বেয়া হৈছে সেয়া চিন্তা কৰিবলগীয়া বিষয়৷ পৰহি তেওঁ গুৱাহাটীত সংবাদ মাধ্যমৰ মুখামুখি হোৱাত সাংবাদিকে আজমলৰ সম্পর্কতে প্রশ্ণ কৰিছিল৷ কালি তেওঁ তেজপুৰলৈ গৈছিল৷ তাতো সংবাদ মাধ্যমৰ আজমল সম্পর্কতে প্রশ্ণ৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাও সংবাদ মাধ্যমে আজমলৰ সম্পর্কতে প্রশ্ণ কৰিছে৷ সেয়ে তেওঁ অসমৰ ভৱিষ্যৎ, অসমৰ সভ্যতা–সংস্কৃতি অক্ষুণ্ণ থকাক লৈ চিন্তা কৰিবলগীয়া হৈছে৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে এই মুহূর্তত তেওঁ আজমলক লৈ ভয় কৰিছে৷ ভয়ৰ কাৰণ আজমল অসমৰ বৰঘৰত সোমালে অসমৰ ভৱিষ্যৎ কি হ’ব? অসমৰ সভ্যতা–সংস্কৃতি থাকিব নে নাই? আজমল বৰঘৰত যাতে সোমাব নোৱাৰে, তাৰ বাবে বিজেপিয়ে কাম কৰি আছে৷ উল্লেখ্য যে আৰু কেইটামান মাহ পিছতেই অহা বছৰৰ এপ্রিল মাহত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফ দলে মিত্রতাপাশত আবদ্ধ হৈ নির্বাচন খেলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বিৰোধী কংগ্রেছে এআইইউডিএফৰ সহযোগত নির্বাচন খেলাৰ কুচকাৱাজ আৰম্ভ কৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত হঠাৎ গুৰুত্ব বাঢ়িছে আজমলৰ৷ সর্বত্র কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈয়ে ব্যাপক চর্চা চলিছে৷ আজমলৰে কংগ্রেছৰ মিত্রতাক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত ইতিমধ্যে উলম্ব বিভাজন ঘটিছে৷
কংগ্রেছৰ এক বৃহৎ অংশই প্রকাশ্যে সেই মিত্রতাৰ বিৰুদ্ধাচৰণ কৰি দল বিভাজনৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ আনকি দলৰ সংখ্যালঘু নেতা তথা সম্প্রদায়টোৰ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়কে বিষয়টো সম্পর্কত আলোচনা কৰি পৰৱর্তী পদক্ষেপ গ্রহণৰ বাবে অহা ২৪ আগষ্টত গুৱাহাটীৰ নতুন বিধায়ক আৱাসত এখন বিশেষ বৈঠকৰ আয়োজন কৰিছে৷ ইয়াকে কেন্দ্র কৰি আজি মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ দিনটোতো ৰাজ্যৰ ৰাজনীতি আজমলকেন্দ্রিক হৈ পৰিছে৷ এনে অৱস্থাতে আজি ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ শর্মাই কংগ্রেছ–এআইইউডিএফে মিত্রতা কৰিলেও তেওঁলোকক ২৫ৰ পৰা ৩০খন আসনৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিব বুলি কৰা মন্তব্য ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷