নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মাৰ্ট আৰক্ষীৰ হাতৰ পৰা পলাল গৰু চোৰ

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰ : অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী কৰিবলৈ চেষ্টা অব্যাহত ৰখা সময়তে চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ পৰা আটকাধীন গৰু চোৰ এটাই আৰক্ষীৰ চকুত ধূলি দি কালি পলায়ন কৰা আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত চোৰটোক কৰায়ত্ব কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। এই সন্দৰ্ভত প্ৰাপ্ত তথ্য মতে চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ অন্তৰ্গত টেঙাপুখুৰী আৰক্ষী চকীৰ আৰক্ষীয়ে ২২ অক্টোবৰৰ সন্ধিয়া এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত গড়মূৰ অঞ্চলত তিনিটা গভাইত গৰু চোৰ হাতে-লোটে কৰায়ত্ত কৰিছিল । কিন্তু কালি পুৱা আৰক্ষী চকীটোৰ পৰা এটা চোৰে কৌশলেৰে পলায়ন কৰে। ঘটনাটোৱে আৰক্ষী চকীটোৰ আৰক্ষীৰ মাজত এক হুৱাদুৱাৰ পৰিবেশ সৃষ্টি কৰে। লগে লগেই আৰক্ষীৰ লোকে সমীপৱৰ্তী ধাননি পথাৰ, হাবি-জংঘলত অভিযান চলাই পলায়ন কৰা চোৰটোৰ সন্ধান উলিয়াবলৈ তৎপৰ হৈ পৰে। অৱশেষত স্থানীয় মৰাণ গাঁৱৰ এখন ধাননি পথাৰত ৰাইজৰ সহযোগত পলায়ন কৰা চোৰটোক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে আৰক্ষীয়ে কৰায়ত্ব কৰা গৰু চোৰ কেইটা ক্ৰমে খাৰুপেটীয়াৰ আলী হুছেইন আৰু ওদালগুৰিৰ নজৰুল হক আৰু বাহাৰুল আলি। আটকাধীন চোৰ কেইটাক আজি আৰক্ষীয়ে চৰাইদেউৰ আদালতত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like