নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা লাহৰীঘাট প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : কাইলৈৰ পৰা মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন কৰা হব। ১৯৪৮ চনত স্হাপন হোৱা লাহৰীঘাট প্ৰাথমিক বিদ্যালয়খনে ৭৫ বছৰত ভৰি দিছে। ২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে লাহৰীঘাট প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ আয়োজন কৰা হৈছে। হীৰক জয়ন্তী উদযাপন সমিতিয়ে জনোৱা মতে, প্ৰথম দিনা পুৱা ৭ বজাত চাফাই অভিযানেৰে হীৰক জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। পুৱা ৮ বজাত স্হানীয় অঞ্চলৰ বিশিষ্ট লোকসকলৰ দ্বাৰা ৭৫খন পতাকা উত্তোলন কৰা হব। পুৱা ৯ বজাত বৃক্ষৰোপণ কৰা হব। পুৱা ৯:১৫ বজাত স্মৃতি তৰ্পণ। পুৱা ৯ঃ৩০ বজাত শোভাযাত্ৰা, দুপৰীয়া ১২ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা, চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হব। দুপৰীয়া ১:৩০ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত হব। সন্ধিয়া ৫ বজাত স্মৃতিগ্ৰন্থ উন্মোচন, সাংস্কৃতিক সন্ধিয়া আৰু নিশা স্হানীয় শিল্পীৰ দ্বাৰা গীত-নৃত্য পৰিৱেশন কৰা হব। দ্বিতীয় দিনা পুৱা ১০ বজাত প্ৰাচীৰ পত্ৰিকা উন্মোচন, প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণী সভা অনুষ্ঠিত হব। দুপৰীয়া ১ বজাত অনুষ্ঠিত হব মুকলি সভা। মুকলি সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব। নিশা নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতৰ এনিশাৰে হীৰক জয়ন্তীৰ সামৰণি পৰিব।

প্ৰেৰক আবুল কালাম

You might also like