🔹 এল নিনোৰ প্রভাৱ হ্রাস : চলিত বর্ষত অধিক হ’ব বৃষ্টিপাত
নিউজ ডেস্ক, ২৫ মে’ : ১৬ বছৰৰ মূৰকত প্রথমবাৰৰ বাবে নির্ধাৰিত সময়ৰ আঠ দিন পূর্বেই ভাৰতীয় মূল খণ্ডলৈ মৌচুমী বায়ুৰ আগমন৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূর্বানুমানক সত্যতা প্রমাণ কৰি কালি কেৰালাত বর্ষাৰ আগমন ঘটিছে৷ অকল কেৰালাতেই নহয়, সমগ্র দেশতে ১৬ বছৰীয়া বতৰৰ ইতিহাসত নির্ধাৰিত সময়ৰ পূর্বেই বর্ষাৰ আগমন ঘটিছে৷ বতৰ বিজ্ঞানৰ পূর্বানুমান অনুসৰি চলিত বর্ষত বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পাব৷ এইবাৰ এল নিনোৰ প্রভাৱ কিছু হ্রাস পোৱাৰ পৰিপ্রেক্ষিততে বতৰৰ ইতিহাসত ভাৰতীয় মূল খণ্ডত বর্ষাৰ আগমন আগতীয়া হৈছে৷ ঠিক তেনেদৰে চলিত বর্ষটোত বৰষুণৰ পৰিমাণো অধিক হোৱাৰ সম্ভাৱনা আছে৷ কেৰালা আৰু তামিলনাডুত পৰৱর্তী কেইদিনমান প্রবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি বিজ্ঞান বিভাগে ৰেড এলার্ট জাৰি কৰিছে৷ ইতিমধ্যে কেৰালা, কর্ণাটক, তামিলনাডু, মিজোৰামত বর্ষাৰ আগমন হোৱাৰ পিছত পৰৱর্তী দুই–তিনি দিনৰ ভিতৰত পশ্চিমবংগ, ছিকিম, মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ আদিতো বর্ষাৰ প্রৱেশ ঘটিব৷ মন কৰিবলগীয়া যে মৌচুমী বায়ু ভাৰতীয় ভূখণ্ডত প্রৱেশৰ ইতিহাসত ২০০৯ চনৰ ২৩ মে’ত নির্ধাৰিত সময়ৰ পূর্বে প্রৱেশ কৰিছিল৷ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত প্রথমতে মৌচুমী বায়ুৰ প্রৱেশ ঘটে৷ নির্ধাৰিত সময় অনুসৰি পহিলা জুনত মৌচুমী বায়ু প্রৱেশ কৰে যদিও এইবেলি আঠ দিনৰ পূর্বে প্রৱেশ কৰিছে৷ দক্ষিণ ভাৰতত প্রৱেশ কৰাৰ পিছত দেশৰ আন প্রান্তত এই মৌচুমী বায়ুৰ প্রৱেশ ঘটে৷ মন কৰিবলগীয়া যে দেশৰ বতৰৰ ইতিহাসত ১৯১৮ চনত ১১ মে’তেই মৌচুমী বায়ু প্রৱেশ কৰিছিল আৰু সবাতোকৈ পলমকৈ প্রৱেশ কৰিছিল ১৯৭২ চনৰ ১৮ জুনত৷ মন কৰিবলগীয়া যে বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এইবাৰ বিভিন্ন অঞ্চলত প্রবল বৃষ্টিপাতৰ লগতে বজ্রপাতৰো সম্ভাৱনা অধিক আছে৷ ইতিমধ্যে উত্তৰ প্রদেশত এনেধৰণৰ ইংগিত এটা দেখিবলৈ পোৱা গৈছে৷