ভােট গ্রহণ সমাপ্ত হােৱাৰ ৪৮ ঘন্টা আগত শেষ কৰিব লাগিব নির্বাচনী প্রচাৰ
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক অসম বিধান সভা নির্বাচনৰ প্ৰতিটো পর্যায়তে ভােট গ্রহণ সমাপ্ত হােৱাৰ ৪৮ ঘণ্টা আগতে প্রার্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগিব। এই অনুসৰি প্রথম পর্যায়ত ৪৭ টা সমষ্টিৰ বাবে অহা ২৭ মার্চত অনুষ্ঠিত হ’বলগীয়া ভােট গ্রহণৰ ক্ষেত্ৰত অহা ২৫ মার্চৰ সন্ধিয়া ৬বজাত নির্বাচনী প্রচাৰৰ অন্ত পেলাব লাগিব।
লগতে পঢ়কঃ এছ এ ববডেৰ পাছত কোন হ’ব মুখ্য ন্যায়াধীশ ?
এইসময়ছােৱাত কোনাে ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পৰ্কীয় কোনাে সভা, শােভাযাত্রা আদি অনুষ্ঠিত কৰা বা উপস্থিত থকাৰ পৰা বিৰত থাকিব লাগিব। তদুপৰি এই সময়ছােৱাত ৰেডিঅ’, টেলিভিশন আদি গণমাধ্যমসমূহতাে প্রচাৰ কাৰ্য বন্ধ ৰাখিব লাগিব। ইয়াৰ উপৰি ভােটাৰসকলক আকর্ষিত কৰিব পৰা কোনাে মনােৰঞ্জনধর্মী অনুষ্ঠান আয়ােজনৰ পৰাও এই সময়ছােৱাত বিৰত থাকিব লাগিব।
আনহাতে এগজিট পল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খােজা নির্বাচনী ফলাফলৰ পূর্বানুমানাে এইসময়ছােৱাত ঘােষণা কৰিব নােৱাৰিব। আনহাতে কেইবাটাও পর্যায়ত আৰু কেইবাখনাে ৰাজ্যত একেলগে নির্বাচন অনুষ্ঠিত হােৱা বাবে, এই সকলাে ৰাজ্যৰ সকলাে পর্যায়ৰ ভােট গ্রহণ প্রক্রিয়া সম্পূর্ণ হােৱাৰ পিছতহে এগজিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খােজা নির্বাচনী ফলাফল ঘােষণা কৰিব পাৰিব।
লগতে পঢ়কঃ Whatsapp: অফলাইনত থাকি কৰিব পাৰিব মেছেজ! জানক এই সহজ উপায়…
উল্লেখ্য যে ভােটদাতাসকলৰ বাবে ভােট গ্রহণৰ আগমুহূর্তত এক শান্তিপূর্ণ পৰিৱেশৰ সৃষ্টি কৰাই এই নিষেধাজ্ঞাৰ উদ্দেশ্য। এই নিষেধাজ্ঞা উলংঘা কৰিলে জৰিমনাৰ সৈতে বা জৰিমনা অবিহনে দুবছৰ পর্যন্ত কাৰাবাস বৰণ কৰিবলগীয়া হ’ব পাৰে।