নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Whatsapp: অফলাইনত থাকি কৰিব পাৰিব মেছেজ! জানক এই সহজ উপায়…

ধৰি লওক আপুনি দীৰ্ঘদিন ধৰি এজন বিশেষ বন্ধুৰ সৈতে Whatsappত কথা পাতি আছে। আৰু সেই সময়তে, পৰিয়ালৰ কোনো সদস্যই বা আত্মীয়ই সুধিছে, ‘ইমান ৰাতিও তই অনলাইন! কাৰ সৈতে কথা পাতিছ?’

তেতিয়াই আপুনি হয়তো বহু বাহানা বা মিছাৰ আশ্ৰয় ল’বলগীয়া হয়। কেৱল আপুনিয়ে নহয়,
বহুতো লোকে এই পৰিস্থিতি পাৰ কৰি আহিছে।
কিন্তু আপুনি ইয়াক কেনেকৈ এৰাই চলিব? চিন্তা নকৰিব, এতিয়াৰ পৰা আপুনি অফলাইনতো মেছেজ কৰিব পাৰিব।

কেনেকৈ? সহজ কৌশল শিকক:

>>> প্ৰথমে গুগল প্লে ষ্টোৰলৈ যাওক। তাৰ পৰা মেছেজৰ বাবে WA Bubble For Chat – নামৰ এপটোৰ সন্ধান কৰক আৰু ডাউনলোড কৰক।

>>> এতিয়া ইয়াক ইনষ্টল কৰক।

>>> এতিয়াৰ পৰা হোৱাটছএপ মেছেজবোৰ ইয়াৰ জৰিয়তেই খুলি চাব পাৰিব।

>>> আপুনি এই এপটোৰ জৰিয়তে মেছেজ কৰোঁতে আপুনি যে অনলাইনত আছে সেয়া কোনেও ধৰিব নোৱাৰে। ফলস্বৰূপে আত্মীয়ৰ বা বন্ধুবৰ্গৰ বিভিন্ন কৌতূহলী প্ৰশ্নৰ পৰা দূৰত থাকিব পাৰিব আপুনি।

কেৱল সেইটোৱেই নহয়। এই এপটোৰ প্ৰধান সুবিধা হৈছে ইয়াৰ বাবল ডিজাইন। মেছেঞ্জাৰত যিদৰে বেলেগ এপ ব্যৱহাৰ কৰাৰ পাছতো ওপৰত বাবলত টেপ কৰি মেছেজ কৰিব পাৰি, ঠিক সেইদৰে ইয়াতো হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰি। ফলত আন আন এপ ব্যৱহাৰ কৰিও মেছেজ কৰাটো সহজ কৰি তোলে।

You might also like