নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলমুক্ত কবু চাপৰি এতিয়া বন্যপ্ৰাণীৰ আৱাসভূমিত পৰিণত

নিয়মীয়া বাৰ্তা,  ১৮ নৱেম্বৰ : জোনাইৰ কবু চাপৰি এতিয়া সম্পূৰ্ণ বেদখলমুক্ত৷  মানুহবিহীন কবু চাপৰি এতিয়া পৰিণত হৈছে বন্যপ্ৰাণীৰ আৱাসভূমিত৷ কবু চাপৰিৰ অৰণ্য ভূমিত এতিয়া মুক্তমনে  বিচৰণ কৰিছে এজাক দুষ্প্ৰাপ্য বন ঘৰচীয়া ঘোঁৰাই ৷ কবু চাপৰি কোনো সাধাৰণ নদীদ্বীপ নহয়। ই এক অনন্য পাৰিপাৰ্শ্বিক ক্ষেত্ৰ, যি এক গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ কৰিড’ৰক প্ৰতিনিধিত্ব কৰে। উত্তৰ দিশত পবা সংৰক্ষিত বনাঞ্চলক অৰুণাচল প্ৰদেশৰ দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য আৰু দক্ষিণে অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰে। অঞ্চলটো চিয়াং, ডিবাং আৰু লোহিত নদীৰ সংগমস্থলীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ মান নামনিত 95°13.8′E  দ্ৰাঘিমাংশ আৰু 27°43′N অক্ষাংশৰ মাজত অৱস্থিত কবু চাপৰিৰ সেউজীয়া গছত দেখা গৈছে বান্দৰৰ ধেমালি ৷ জলাশয়সমূহত বিভিন্ন পৰিভ্ৰমী আলহী পক্ষীৰ আগমনৰ দৃষ্টিনন্দন দৃশ্য কবু চাপৰিৰ অৰণ্যত। এক নিৰিবিলি পৰিৱেশত চৰাই-চিৰিকটিৰ গুঞ্জনেৰে মুখৰিত হৈ পৰিছে জোনাইৰ নদীদ্বীপ কবু চাপৰিৰ চৌদিশ। গছৰ ডালৰ আৰে আৰে বহি দেশী-বিদেশী চৰায়ে প্ৰকৃতিৰ গীত গাই গাই যেন আপোন পাহৰিছে৷ উল্লেখযোগ্য যে জোনাইৰ নদীদ্বীপ কবু চাপৰিত যোৱা প্ৰায় ৪-৫ দশক ধৰি বেদখলভাৱে মানুহৰ জনবসতি আৰু অবাধ বনধ্বংসৰ ফলত বছৰ বছৰ ধৰি কবু চাপৰিৰ পৰা লুপ্ত হৈ থকা বিভিন্ন প্ৰজাতিৰ চৰাই তথা বন্য জন্তুবোৰে অলপতে বন বিভাগে কবু চাপৰি বেদখলমুক্ত কৰাৰ পিছতে জনশূন্য কবু চাপৰিলৈ কাষতে থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দা ইৰিং ৱাইল লাইফ চেন্টচুৰি আৰু পবা বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিয়ে পুনৰ ঘূৰি আহি  আনন্দৰ গীত গাই বাহ সজাত ব্যস্ত গছৰ ডালে ডালে ৷ মুঠৰ ওপৰত এসময়ৰ মানুহৰে ভৰি থকা কবু চাপৰি পৰিণত হৈছে বিভিন্ন  বণ্যপ্ৰাণীৰ আৱাসভূমিত৷ চলিত বৰ্ষৰ জুনৰ মাহত কবু চাপৰিক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি  অসম চৰকাৰ আৰু বন বিভাগে  কবু চাপৰিত বসবাস কৰি থকা পৰিয়ালসমূহক এৰি যাবলৈ জাননী জাৰি কৰে ৷ মুঠৰ ওপৰত কবু চাপৰি এতিয়া বন্যপ্ৰাণীৰ মুক্ত বিচৰণ ভূমি৷ মাথো চৰকাৰ আৰু বন বিভাগৰ সদিচ্ছা লাগে ইয়াক সংৰক্ষণৰ বাবে৷ কবু চাপৰিত প্ৰয়োজন এটা বন শিবিৰৰ৷  কিন্তু চিয়াং নদীৰ সোঁমাজতে থকা নদীদ্বীপ কবু চাপৰিলৈ নাও ভাৰাত লৈ দৈনিক বনকৰ্মীয়ে কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱালৈ চাই কবু চাপৰিত অনতি পলমে স্থায়ী বন শিৱিৰ স্থাপন কৰি ইয়াক বন্যপ্ৰাণীৰ আৱাস ভূমিত পৰিণত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে জোনাইৰ প্ৰকৃতিপ্ৰেমী ৰাইজে৷ ইফালে, শুকুৰবাৰে জোনাই  বন বিভাগৰ এটা দলে পৰিদৰ্শন কৰে প্ৰস্তাৱিত সংৰক্ষিত কবু চাপৰি৷ বেদখলমুক্ত হোৱাৰ পিছতে কবু চাপৰিলৈ পুনৰ ঘূৰি অহা পশু-পক্ষী তথা গছ-গছনিৰ নিৰাপত্তাৰ বাবে পবা বনাঞ্চলৰ তিনিমাইল বিটত থকা বনকৰ্মীয়ে কবু চাপৰিলৈ গৈ দিনে-নিশাই তীক্ষ্ণ পহৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷

 

প্ৰেৰক কৰবী দলে

You might also like