নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰ বান্দৰচলিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : তিতাবৰৰ সীমান্তৱৰ্তী বান্দৰচলিয়াত যোৱানিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। নিশা দোকান-পোহাৰ বন্ধ কৰি ব্যৱসায়ীসকল যোৱাৰ পাছতেই আকস্মিকভাৱে এখন দোকানত জুই জ্বলি উঠে। ৰাইজে জুই প্ৰত্যক্ষ কৰাৰ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে। অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ সমান্তৰালকৈ ৰাইজে জুই নিৰ্বাপণ কৰাত লাগি যায় আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে আহি সম্পূৰ্ণ জুই নিৰ্বাপণ কৰাৰ পূৰ্বে চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ জাহ যায়। এখন ফাৰ্মাচী, চেলুন আৰু কম্পিউটাৰ-মোবাইলৰ দোকানৰ লগতে এটি ঘৰ সম্পূৰ্ণ জাহ যায় অগ্নিকাণ্ডত। বহু লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে সামগ্ৰী জ্বলি ছাই হৈ যায়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উক্ত সময়ত পাতলীয়া বৰষুণ হৈ থকাৰ বাবে ক্ষয়-ক্ষতি অধিক হোৱাৰ পৰা ৰক্ষা পৰে বাকী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।
প্ৰেৰক ইউচুফ আলী
You might also like