নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত সন্ধানহীন চৰাইদেউৰ তিনি কন্যা সন্তানৰ পিতৃ

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী বোকাপথাৰ গাঁৱৰ ৰুবুল গগৈ (৩৮) নামৰ তিনি কন্যা সন্তানৰ এজন পিতৃ কৰ্মস্থানৰ পৰাই নিৰুদ্দেশ হোৱা সন্দৰ্ভত ৰুবুলৰ পত্নী ৰূপা গগৈয়ে কালি সাপেখাতী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা মতে, প্রায় তিনি মাহ পূৰ্বে কৰ্মসংস্থাপনৰ বাবে ৰুবুলে বেংগালুৰুলৈ যাত্ৰা কৰি বেংগালুৰুৰ এটা কোম্পানীত কামত যোগদান কৰে। কৰ্মস্থানৰ পৰা ৰুবুলে পৰিয়ালৰ সৈতে ৮৬৬০৮১৭৬৯৭ নম্বৰত যোগাযোগ ৰক্ষা কৰি থকাৰ উপৰি পৰিয়াললৈ টকা-পইচা পঠিয়াই আছিল। কিন্তু যোৱা ১৬ আগষ্টৰ পৰা পৰিয়ালৰ সৈতে ৰুবুলে কোনোধৰণৰ যোগাযোগ নকৰাৰ উপৰি ৰুবুলৰ ফোনটোও ছুইচ অফ আছে। কোম্পানীটোৰ মালিকৰ 9353460610 নম্বৰৰ সৈতে পৰিয়ালে যোগাযোগ কৰি ৰুবুলৰ সন্দৰ্ভত জানিব বিচৰাত ১৬ আগষ্টৰ নিশাই ৰুবুলে কোনো স্থানলৈ যোৱা বুলি মালিকে পৰিয়ালটোক জনোৱাৰ লগতে উক্ত দিনাৰ পৰা তেওঁলোকৰ সৈতেও ৰুবুলৰ কোনো যোগাযোগ নাই বুলি অৱগত কৰে। আনহাতে, ৰুবুলৰ ফোনটো ছুইচ অন হ’লেই পৰিয়ালে ফোন কৰে যদিও ফোন ৰিচিভ কৰা ব্যক্তিজনে তামিল ভাষাত বাৰ্তালাপ কৰে বাবে বৰ্তমান ৰুবুলক লৈ শংকিত হৈ পৰিছে পৰিয়ালটো। ভৱিষ্যতৰ বিপদৰ আশংকাত ভুগি পৰিয়ালটোৱে আৰক্ষীৰ কাষ চপা বুলি এজাহাৰত উল্লেখ কৰিছে।
প্ৰেৰক দীপাংকৰ পাল
You might also like