নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথাৰত আলি দিয়া যন্ত্ৰ উদ্ভাৱন চৰাইদেউৰ মৃদুপৱন সন্দিকৈৰ

নিয়মীয়া বাৰ্তা, ৬ জুন : কৃষিকৰ্মৰে জড়িত অসমৰ কৃষকৰ বাবে পথাৰত আলি দিয়া ব্যৱস্থাটো এক কষ্টকৰ কাৰ্য। ধানখেতিৰ বাবে পথাৰত কৃষকসকলে হাল বোৱা, মৈ দিয়া, আলি দিয়া, কঁঠীয়া সিঁচা আদি কৰি বিবিধ কাৰ্য সমাপন কৰিব লগা হয়৷ এই প্ৰতিটো কাৰ্যত কঠোৰ কষ্ট জড়িত হৈ আছে। আজিৰ কৃষিপথাৰত অধিকাংশ কাম যন্ত্ৰৰ দ্বাৰা সমাপন কৰা হয় যদিও অসমৰ পথাৰত বৰ্তমানলৈকে আলি দিয়া কাৰ্য যন্ত্ৰৰ দ্বাৰা সম্ভৱ হৈ উঠা নাছিল। কিন্তু শেহতীয়াকৈ পথাৰৰ আলি দিয়া কাৰ্যত সহায় হোৱাকৈ এটা যন্ত্ৰ সাজি উলিয়াই চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ এঙেৰা অঞ্চলৰ মৃদুপৱন সন্দিকৈ নামৰ যুৱকজনে ৷ যুৱকগৰাকীয়ে পথাৰত আলি দিয়া যন্ত্ৰ উদ্ভাৱন কৰি কৃষক ৰাইজলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ অভাৱেই আৱিষ্কাৰৰ মূল- এই কথা সাৰোগত কৰি যুৱকগৰাকীয়ে তেওঁ উদ্ভাৱন কৰা পথাৰত আলি দিয়া যন্ত্ৰবিধ নিৰ্মাণ সম্পূৰ্ণ কৰি ইয়াৰে বৰ্তমান পথাৰত আলি দিয়া কাম তেওঁ আৰম্ভ কৰিছে ৷ যুৱকগৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁ উদ্ভাৱন কৰা এই যন্ত্ৰৰ সহায়ত দৈনিক ৪০ বিঘা পথাৰৰ মাটিত আলি দিব পাৰিব। নানা পৰীক্ষাৰ অন্তত আধুনিক প্ৰযুক্তিৰ সহায় লৈ যুৱকগৰাকীয়ে তৈয়াৰ কৰা এই যন্ত্ৰটিক লৈ তেওঁ যথেষ্ট আশাবাদী । অসমৰ ধানখেতিৰ দৰে লাভজনক কৃষিকৰ্মক এক লাভজনক বৃত্তি হিচাপে কৃষকসকলে অনাগত দিনত ব্যাপকভাৱে যাতে গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি পথাৰত আলি দিয়া যন্ত্ৰবিধ উদ্ভাৱন কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে। এই সঁজুলিবিধে আগন্তুক দিনত ধান খেতিৰ উৎপাদন বৃদ্ধিৰ লগতে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিব বুলি তেওঁ আশাবাদী। যুৱকগৰাকীয়ে উদ্ভাৱন কৰা এই যন্ত্ৰবিধে এতিয়া স্থানীয়ভাৱে ব্যাপক চৰ্চা লাভ কৰাৰ লগতে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক দুষ্যন্ত নাথ

You might also like