নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগাঁৱত সুৰৰ দেউল খণ্ড-২ৰ চূড়ান্ত প্ৰতিযোগিতা সম্পন্ন

বিশেষ বাৰ্তা, ২২ জুনঃ বৰগাঁও যুৱ সংঘ আৰু আদৰ্শ পুথিভঁৰালৰ উদ্যোগত, বৰগাঁও মহিলা সমিতি আৰু বাৰেকুৰিবাসী ৰাইজৰ সহযোগত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ বৰগাঁও সতী সাধিনী ভৱনত ২০ আৰু ২১ জুনত দুদিনীয়াকৈ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু ৫১সংখ্যক প্ৰতিষ্ঠা দিৱস যুৱ সংঘ আৰু মহিলা সমিতিৰ আয়োজন কৰা হয় ৷ প্ৰথম দিনৰ কায্যসূচী হিচাপে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ পাছতে কেইবাগৰাকীও শিক্ষাবিদৰ উপস্থিতিত স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ স’তে এক শৈক্ষিক সভাৰ আয়োজন কৰে আৰু পৰৱৰ্তী সময়ত স্থানীয় উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক এক অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰে ৷ দ্বিতীয় দিনা সন্ধিয়া বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অনুষ্ঠানৰ লগত সংগতি ৰাখি সুৰৰ দেউল খণ্ড-২ ৰ চূড়ান্ত প্ৰতিযোগিতাখনিও আয়োজন কৰা হয় ৷ উক্ত সুৰৰ দেউল প্ৰতিযোগিতাত জিলাখনৰ লগতে কাষৰীয়া বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ১৩ আৰু ১৪ জুনত মাকুমৰ বনমালী ভৱনত আয়োজন কৰা প্ৰাথমিক পয্যায়ৰ প্ৰতিযোগিতাৰ পৰা নিৰ্বাচন হোৱা মুঠ ১২গৰাকী প্ৰতিযোগীৰ মাজত বুধবাৰে সন্ধিয়াৰ পৰা প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। বিঞ্চুপ্ৰসাদ ৰাভাৰ গীতসমূহৰ লগতে থলুৱা গীতসমূহ যাতে যুৱপ্ৰজন্মই আদৰি লয় আৰু শিকাৰ চেষ্টা কৰে, সেই উদ্দেশ্যে আগত ৰাখি এই প্ৰতিযোগিতা আয়োজন কৰা হয় দ্বিতীয় বৰ্ষৰ বাবে ৷ বুধবাৰে উক্ত চূড়ান্ত প্ৰতিযোগিতাখনি অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণে শুভ উদ্বোধন কৰাৰ পাছতে প্ৰতিযোগিতাখনিৰ সঞ্চালক হিচাপে উপস্থিত থাকি সুন্দৰকৈ সঞ্চালনা কৰে অসমৰ চিনেমা জগতৰ  অভিনেত্ৰী বৰষা ৰাণী বিষয়াই । সুৰৰ দেউল খণ্ড-২ৰ এই বৰ্ষত প্ৰথম স্থান লাভ কৰে প্ৰিঞ্চিপ্ৰিয়া নাথে, দ্বিতীয় স্থান লাভ কৰে প্ৰীতম দত্তই আৰু তৃতীয় স্থান লাভ কৰে কাবেৰী ফুকনে ৷ প্ৰথম স্থান লাভ কৰা প্ৰিঞ্চিপ্ৰিয়া নাথক নগদ ২৫ হাজাৰ টকাসহ মানপত্ৰ আৰু বঁটা প্ৰদান কৰাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীকো নগদ ধন, মানপত্ৰ আৰু বঁটাৰে পুৰস্কৃত কৰা হয় বুলি জানিবলৈ দিয়ে আয়োজক মণ্ডলীৰ বিষয়ববীয়া নৱজ্যোতি চুতীয়া আৰু ৰিতু চুতীয়াই ৷

প্ৰেৰক বিবেক বড়া

You might also like