নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত লেখক সুবোধ চৌধুৰীৰ প্ৰথম মৃত্যু দিৱস পালন

🔹 গল্প সংকলন ‘অঘৰী’-স্মৃতিগ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী :  “সুবোধ চৌধুৰীৰ গল্প মৰ্মস্পৰ্শী আৰু হৃদয়স্পৰ্শী ৷ সুবোধৰ গল্পৰ চৰিত্ৰসমূহ ইমানেই শক্তিশালী যে সেই চৰিত্ৰসমূহৰ যোগেদি তেওঁৰ প্ৰতিভাৰ উমান পোৱা যায়৷ তেওঁৰ গল্পসমূহ ইমান বাস্তৱবাদী যে প্ৰতিটো চৰিত্ৰ, প্ৰতিটো ঘটনা আমাৰ সমাজৰ পৰা দাঙি আনি মৰ্মস্পৰ্শীভাৱে প্ৰকাশ কৰিছে৷ মানুহ কিমান অনুভৱী হ’লে এনেদৰে লিখিব পাৰে সেয়া সুবোধ চৌধুৰীৰ লেখা পঢ়িলে হৃদয়ংগম কৰিব পাৰি৷”- এই মন্তব্য অসম চৰকাৰৰ উপ-লোকায়ুক্ত হিতেশ কুমাৰ শৰ্মাৰ৷ বজালীৰ সামাজিক, সাহিত্য, সাংস্কৃতিক জগতৰ স’তে বিশেষভাৱে জড়িত এগৰাকী সৰবৰাহী ব্যক্তি সুবোধ চৌধুৰীৰ প্ৰথম মৃত্যু দিৱস আজি পাঠশালাত পালন কৰা হয়৷ বজালী জিলা বাৰ্তাজীৱী সংঘৰ সহযোগত তথা প্ৰয়াত চৌধুৰীৰ পৰিয়ালৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে চৌধুৰীৰ সহধৰ্মিণী তথা মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰতিভা চৌধুৰীয়ে৷ ইয়াৰ পিছতে বিশিষ্ট লেখক তথা পাঠশালা প্ৰেছ ক্লাবৰ সভাপতি পুলু কুমাৰ শৰ্মাৰ সঞ্চালনাত বজালী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক কল্যাণ কলিতাই আঁত ধৰা অনুষ্ঠানত অসমৰ চৰকাৰৰ উপ-লোকায়ুক্ত তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাই প্ৰয়াত চৌধুৰীৰ গল্প সংকলন “অঘৰী” উন্মোচন কৰি কয়- “মোৰ বাল্যবন্ধু সুবোধৰ মৃত্যুবাৰ্ষিকীত উপস্থিত থকাটো বাঞ্ছনীয় যদিও মোৰ বাবে ই দুৰ্ভাগ্যজনক৷ কাৰণ সুবোধ এনেদৰে যাবলগীয়া হ’ব বুলি আমি কল্পনাও কৰিব পৰা নাছিলোঁ৷” তেওঁ কয় যে দুৰ্দান্ত প্ৰেমিক সুবোধ আছিল দুৰ্দান্ত সাহসী আৰু দৃঢ়তাপূৰ্ণ৷ সুবোধ চৌধুৰীৰ গল্পত মানুহৰ আত্মশ্লাঘা, হা-হুমুনিয়াহ অতি সুন্দৰভাৱে বিৰাজমান বুলি মন্তব্য কৰি নিম্ন মধ্যবিত্ত, প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত ত্যাগ আৰু দৃঢ়তাৰ বাবে সুবোধ চৌধুৰী জিলিকি উঠিছিল বুলি উপ-লোকায়ুক্তগৰাকীয়ে ব্যক্ত কৰে৷ তেওঁ কয় যে সুবোধ চৌধুৰীয়ে আজি মৃত্যুৰ পিছতো যেন মূৰ দাঙি ঠিয় হৈ আছে তেওঁৰ কৰ্মৰাজি আৰু গুণৰ বাবে৷ চৌধুৰীৰ জীৱন পৰিক্ৰমা, বদন্যতা, ব্যক্তিগত আৰু সামাজিক মূল্যবোধ, পৰিয়ালৰ বাবে কৰা ঈর্ষণীয় ত্যাগে তেওঁক মৃত্যুৰ পিছতো মহীয়ান কৰিছে৷ অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰি বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেমচন্দ্ৰ হালৈয়ে চৌধুৰীৰ কৰ্মৰাজিৰ বিভিন্ন দিশ সামৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা ভাষণ প্ৰদানত পুলু কুমাৰ শৰ্মাই গ্ৰন্থ মগজুৰ সন্তান বুলি উল্লেখ কৰি প্ৰয়াত সুবোধ চৌধুৰীয়ে তেওঁ লেখাসমূহেৰে নিজৰ উৰ্বৰ মগজুৰ পৰিচয় দাঙি ধৰিছিল বুলি ব্যক্ত কৰে৷ অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি প্ৰয়াত চৌধুৰীৰ কনিষ্ঠ ভাতৃ ডাঃ ৰূপম চৌধুৰীয়ে স্মৃতিচাৰণ কৰাৰ লগতে তেওঁৰ কৰ্মৰাজিৰ মূল্যাংকন কৰে৷ চৌধুৰীৰ সহধৰ্মিণী প্ৰতিভা চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক নাগেশ্বৰ দাস, অঞ্জন শৰ্মা আদিয়ে ভাষণ প্ৰদান কৰি সুবোধ চৌধুৰীৰ গুণানুকীৰ্তন কৰে৷ উল্লেখ্য যে যোৱা বৰ্ষৰ ৪ ফেব্ৰুৱাৰীত পাঠশালাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সুখ-দুখ সকলো সময়তে সন্মুখৰ পৰা নেতৃত্ব দি অহা পাঠশালা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য, সাহিত্য-সংস্কৃতি-বৃহত্তৰ মঞ্চ অসমৰ সভাপতি, অসম সাহিত্য সভাৰ দ্বাৰা সম্বৰ্ধিত বিশিষ্ট ব্যক্তি, পাঠশালা সাংস্কৃতিক সংঘৰ  অধ্যক্ষ তথা প্ৰাক্তন মুখ্য সচিব, পাঠশালা বজাৰ কমিটীৰ প্ৰাক্তন উপ-সভাপতি, পাঠশালা ৰাস মহোৎসৱৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা উপদেষ্টা, পাঠশালা সাহিত্য সভা, বজালী প্ৰগতি সংঘৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য, বিশিষ্ট সমাজকৰ্মী তথা গল্পকাৰ, প্ৰবন্ধকাৰ, কবি সুবোধ চৌধুৰীৰ ৬৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ আজি তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকীত বজালীৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে অংশগ্ৰহণ কৰি তেওঁৰ কৰ্মৰাজিক স্মৰণ কৰে৷ অনুষ্ঠানত বিশিষ্টসকলক সম্বৰ্ধনা জনায় বজালী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি তথা প্ৰয়াত চৌধুৰীৰ কনিষ্ঠ ভাতৃ কৈলাস চৌধুৰী, ডাঃ ৰূপম চৌধুৰী, ডাঃ ৰঞ্জিতা শৰ্মা আৰু হীৰেন কলিতাই৷

প্ৰেৰক কল্যাণ কলিতা

You might also like