নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত মিছন বসুন্ধৰা ২.০ৰ অধীনত ৪,২৮২ লোকক ভূমিপট্টা প্ৰদান মন্ত্ৰী জয়ন্ত মল্লৰ

বিশেষ বার্তা, ২৩ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ বাবে নাহৰকটীয়াত আজি অনুষ্ঠিত হয় ভূমি পট্টা প্ৰদান অনুষ্ঠান। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আজি নাহৰকটীয়া সমষ্টিৰ ৪২৮২টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হয় । উক্ত ভূমি পট্টা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে কয় যে মিছন বসুন্ধৰাৰ যোগেদি অসম চৰকাৰে বৰ্তমানলৈকে তিনি লাখ লোকক ভূমি পট্টা প্ৰদান কৰিছে আৰু ইয়াৰে ৮৫% ভূমি পট্টা লাভ কৰা পৰিয়াল জাতি-জনজাতিৰ লোক । মন্ত্ৰীজনে ভাষণ প্ৰসংগত ধৰিত্ৰী এপছৰ জৰিয়তে মাটি জৰীপ কৰি এক সংঘবদ্ধ ব্যৱস্থাপনাৰ কথাও অৱগত কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক তৰংগ গগৈ, বিজেপি নেতা মৃদুল কলিতা, গকুল বড়া, নৰেন চাংমাই, এ পি এলৰ উপাধ্যক্ষ হেমন্ত গগৈ, চক্ৰ বিষয়া শৰৎ কুমাৰ গগৈ আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণ ক্ষেত্ৰত আন এখোজ আগুৱাই আজি নাহৰকটীয়া বিধানসভা সমষ্টিত মিছন বসুন্ধৰা ২.০ৰ অধীনত ৪২৮২গৰাকী ব্যক্তিলৈ ভূমি পট্টা প্ৰদান কৰি তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক সৰ্বতোপ্ৰকাৰে শক্তিশালী আৰু সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মিছন বসুন্ধৰাই অন্যতম ভূমিকা গ্ৰহণ কৰিছে আৰু এনে এক দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰা বাবে মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা
You might also like