🔹 সোণতলীৰ জাওকাটা অঞ্চলৰ শ শ বিঘা ইৰিধান পানীৰ তলত
নিয়মীয়া বাৰ্তা, সোণতলী, ১ জুন : ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলী অঞ্চলৰ কেইবাখনো গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে। বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কলহী নৈৰ পানী উফন্দি উঠাত নৈপৰীয়া অঞ্চলসমূহ বানৰ কবলত পৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত বানে কাল ৰূপ ধাৰণ কৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সোণতলীৰ জাওকাটা, ৰাংগাপানী, চৌধুৰীপাম, জাওকাটাদিয়া আদি অঞ্চলত কলহী নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলীৰ প্ৰায় ৮-১০খনৰো অধিক গাঁও সম্পূৰ্ণ বানৰ কবলত পৰিছে৷ ফেনে-ফোটোকাৰে বৃদ্ধি পোৱা বানে বৃহত্তৰ সোণতলীৰ কেইবাটাও কৃষিপ্ৰধান অঞ্চল সম্প্ৰতি বুৰাই পেলাইছে। জানিব পৰা মতে, সোণতলী চৌধুৰীপাম, ৰাংগাপানী, টাঙোনমাৰী সুঁতিৰ পাৰ, জাওকাটাদিয়া, নিম্বুটাৰী, বদলা, মালিবাৰী, বঠিয়ামাৰী, দুৰামাৰী আদি দ অঞ্চলৰ শ শ বিঘা কৃষিভূমি বানপানীৰ কবলত পৰাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তদুপৰি বানৰ ফলত একাংশ কৃষকৰ মৰাপাট, মাকৈ, বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি নষ্ট হোৱা পৰিলক্ষিত হৈছে৷ ইপিনে, একাংশ দ অঞ্চলৰ বাট-পথ পানীত বুৰ যোৱাত গাঁওবাসীৰ যোগাযোগৰ বাবে কলগছৰ ভেল বা নাৱৰ বাহিৰে অন্য বিকল্প নাই। খেতিয়কসকলে যথেষ্ট পৰিশ্ৰম কৰি খেতি-বাতি কৰিছিল যদিও নিশাৰ ভিতৰত হঠাৎ কলহীৰ নৈৰ বানে সকলো তচনচ কৰিছে। একাংশ কৃষকে কেঁচা ধান কাটিবলগীয়া হৈছে। আনকি কৃষকে পানীৰ তলৰ পৰাই ধান কাটি লোৱাৰ চেষ্টা কৰিছে৷ সম্প্ৰতি সোণতলীৰ বিস্তীৰ্ণ অঞ্চল কলহী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত সহস্ৰাধিক কৃষক যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে বহু কষ্ট কৰি কৰা শাক-পাচলি তথা বিভিন্ন খেতি-বাতি বানপানীত নষ্ট হোৱাত কৃষকে মূৰে-কপালে হাত দিব লগা হৈছে৷ বানপীড়িত অঞ্চলত শীঘ্ৰে বান সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে৷
প্ৰেৰক নয়ান আলী