নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃজিলা ৰাজ্যিক টাইকোৱানডোৰ কামৰূপ জিলা দল গঠনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৮ জুন : অহা জুলাই মাহৰ প্ৰথম পষেকত অনুষ্ঠিত হ’ব লগা আন্তঃজিলা ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতাত নতুনকৈ স্বীকৃত কামৰূপ জিলা দল গঠনৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। ছয়গাঁও মিনি ষ্টেডিয়ামত এখন সংবাদ মেলযোগে এই ঘোষণা কৰে টাইকোৱানডো ফেডাৰেচন অৱ কামৰূপ ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক দেৱজিত ডেকাই ।  ৱৰ্ল্ড টাইকোৱানডো এণ্ড এছিয়ান টাইকোৱানডো ইউনিয়নৰ অধীনস্থ টাইকোৱানডো মাৰ্চিয়েল আৰ্টছ এণ্ড স্পোৰ্টছ এছোচিয়েচন অৱ অসমৰ স্বীকৃত টাইকোৱানডো ফেডাৰেচন অৱ কামৰূপ ডিষ্ট্ৰিক্টৰ আন্তঃক্লাব প্ৰতিযোগিতাখনো অহা জুলাইৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ’ব বুলি তেওঁ ঘোষণা কৰে । টাইকোৱানডো খেলৰ অলেখ প্ৰতিভাৰে পূৰ্ণ জিলাখনৰ সাতগৰাকী খেলুৱৈ অহা ২৮ জুনৰ পৰা কটকত অনুষ্ঠিত হ’ব লগা তৃতীয় ৰাষ্ট্ৰীয় জুনিয়ৰ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাৰ কথাও ডেকাই ঘোষণা কৰে । সংবাদ মেলত জিলাৰ সভাপতি অধ্যাপক ধীৰেন দাস, উপদেষ্টা ডেভিদ অধিকাৰী, কাৰিকৰী নিৰ্দেশক মেৰালাল ৰাভা আৰু দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুকুমাৰ মেধি উপস্থিত আছিল ।

প্ৰেৰক ভগৱান দাস

You might also like