নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোতমাত মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : বিপিএফ দলক কৌশলগতভাৱে বিটিচিৰ শাসনৰ পৰা ওফৰাই ইউপিপিএল-বিজেপি-জিএছপি দলে বিটিচি পৰিষদীয় শাসনত অধিষ্ঠিত হোৱাৰ পিছত বিটিচিত সমাজ কল্যাণ বিভাগত একো উন্নয়ন কৰিব পৰা নাই । আজি কোকৰাঝাৰ জিলাৰ দোতমা শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ বিজয় নগৰ আৰু সমাদাৰপাৰাত পৃথকে পৃথকে দুটা মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে এইদৰে কৈ আৰু কয় যে বিটিচি পৰিষদত থকা সমাজ কল্যাণ বিভাগ ব্যৰ্থ হৈছে । যি সময়ত ভাৰত চৰকাৰে শিশুৰ সৰ্বত্ৰ উন্নয়নৰ বাবে চিন্তা কৰিছে আৰু কাম কৰি আছে, তেনে সময়ত বিটিচি পৰিষদীয় চৰকাৰখনে কোনো উল্লেখযোগ্য কাম কৰা পৰিলক্ষিত হোৱা নাই। এই চৰকাৰখন মিছা প্ৰতিশ্ৰুতিৰ চৰকাৰ। এই চৰকাৰে ৰাইজৰ একো উন্নয়ন কৰিব পৰা নাই । মই বিধায়ক হিচাপে অসম চৰকাৰৰ পৰা পুঁজি আবন্টন কৰি আনি ২৫ লাখ টকাৰে মডেল অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ কাম কৰি আছোঁ । বিটিচি পৰিষদীয় চৰকাৰখনৰো দায়িত্ব আছিল এইসমূহ কাম কৰাৰ, কিন্তু আজিলৈকে একো নকৰিলে । আজি মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কজনৰ লগতে বিপিএফ দলৰ দোতমা ব্লকৰ নেতা-কৰ্মী আৰু দোতমা উন্নয়ন খণ্ডৰ বিষয়াসকল উপস্থিত থাকে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like