নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ অভয়াপুৰীৰ কংগ্ৰেছ বিধায়কৰ একাউণ্টৰ ধন হৰলুকী

🔹 প্ৰদীপ সৰকাৰৰ একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুটিলে প্ৰায় ৮১ লাখ

বিশেষ বাৰ্তা, ৪ মাৰ্চ : জনপ্ৰতিনিধিৰ একাউণ্টৰ ধন হৰলুকীৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অভয়াপুৰীত। এইবাৰ প্ৰৱঞ্চকৰ জালত পৰিল এগৰাকী কংগ্ৰেছ বিধায়ক। বিধায়ক প্ৰদীপ সৰকাৰৰ একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুটি নিয়ে প্ৰায় ৮১ লাখ টকা। জালিয়াতিৰে তিনিটা একাউণ্টৰ এই বৃহৎ পৰিমাণৰ ধনখিনি লুটি নিয়ে দুষ্ট চক্ৰই। জানিব পৰা মতে, ভুৱা কেৱাইচি দাখিলেৰে এই ধন হৰলুকীৰ ঘটনা সংঘটিত কৰে প্ৰৱঞ্চকে। জানুৱাৰীৰ ১৩ তাৰিখৰ পৰা ধন উলিয়াই নিয়া বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। দক্ষিণ অভয়াপুৰীৰ কংগ্ৰেছ বিধায়ক প্ৰদীপ সৰকাৰৰ বেংক একাউণ্টৰ পৰা  প্ৰায় ৮১ লাখ টকা হৰলুকীৰ ঘটনাই সাধাৰণ লোকৰ মাজত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। এগৰাকী জনপ্ৰতিনিধিয়ে সুৰক্ষিত নহয়, তেনেস্থলত সাধাৰণ জনতাই কি সাহসত বেংকত টকা জমা থ’ব। বিধায়কগৰাকীয়ে ধন হৰলুকী ঘটনা সন্দৰ্ভত স্থানীয় থানাত এজাহাৰ দাখিল কৰিছে।

You might also like