নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ‘ৰান ফৰ নেচন ৰান ফৰ মোদী’ কাৰ্যসূচী

বিশেষ বাৰ্তা,  ৪ মাৰ্চ : আজি  ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতি আৰু অসম ৰাজ্যিক সমিতিৰ মহিলা মৰ্চাৰ নিদৰ্শনা মৰ্মে বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিতো ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ মহিলা মৰ্চা সোণাৰি সমষ্টিৰ সোণাৰি মণ্ডলত নতুন ভোটাৰসকলক লৈ নাৰী শক্তি বন্দন মাৰাথন দৌৰ ৰান ফৰ মিচন ৰান ফৰ মোদী কাৰ্যসূচী পালন কৰে । চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণিতা পাংগিঙৰ নেতৃত্বত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত ৰাজ্যিক সমিতিৰ মহিলা মৰ্চাৰ উপ-সভানেত্ৰী মীনা চাহু, সোণাৰি মণ্ডলৰ মহিলা মৰ্চাৰ সভাপতি ৰিংকু চলিহা নায়ক আদি উপস্থিত থাকে।
প্ৰেৰক দীপাংকৰ পাল
You might also like