নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘোণৰ সোণোৱালী পথাৰ উপচি পৰিছে সপোনৰ সোণগুটিৰে

🔹 ঢকুৱাখনাত লখিমী ভঁৰাললৈ নিয়াত ব্যস্ত চহা কৃষক

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : আকৌ আহিল চহা কৃষকৰ হেঁপাহৰ মাহ আঘোণ।সোণোৱালী পথাৰলৈ ঘূৰি আহিছে প্ৰাণ চাঞ্চল্য।সোণৰঙী ধানেৰে ভৰিছে পথাৰ। শাওণমহীয়া পথাৰত কপালৰ ঘাম মাটিত পেলাই সপোন ৰচা সোণগুটি এতিয়া ঘৰলৈ নিয়াৰ সময়৷ অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ। পকা ধানে ভৰি পৰা পথাৰত প্ৰাণচঞ্চলা দাৱনীৱে হাতৰ কাঁচিত মুঠি বান্ধিছে আই-পিতাইৰ সপোন। সময় এতিয়া সোণগুটি বোটলাৰ। আঘোণৰ নিয়ৰসিক্ত সোণোৱালী পথাৰত প্ৰখৰ ৰ’দকো নেওচি সোণগুটি চপোৱাত সীমাহীন ব্যস্ততা ঢকুৱাখনা কৃষকৰ। কৃষিসৰ্বস্ব ঢকুৱাখনাৰ পথাৰে পথাৰে এতিয়া উছাহৰ ধল। দাৱনীৰ খিলি খিলি জাকৈয়া হাঁহিৰ জোৱাৰ উঠিছে পথাৰত। চাৰিকড়ীয়া পাৰৰ ঢকুৱাখনাত কাঁচিৰ আগেৰে শৰ ফালি ফালি গুচি গৈছে কৃষক-দাৱনী। প্ৰখৰ ৰ’দকো নেওচি পুৱাৰ পৰা গধূলিলৈ কৃষক-দাৱনী ব্যস্ত হৈ পৰিছে ধান কটাত। নাই ভাগৰ, নাই মনৰ দুখ। আছে কেৱল প্ৰাপ্তিৰ আনন্দ, সন্তুষ্টিৰ হাঁহি। শান দিয়া কাঁচিৰে ধানৰ আগ কাটি ৬ মুঠিৰে সাজিছে ঠৰ। পাহুৱালজনে আঠ ঠৰীয়া ডাঙৰি ল’লেও কোনোজনে সাধ্যানুসৰি বিৰিয়াত আঁটিছে ঠৰ। কোনোজনে তমাল চাঁচিছে। দাৱনীয়ে কাটি যোৱা মুঠি মুঠি ধানৰ ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াইছে লখিমীক। আনন্দ-উলাহৰ মাজেৰে দুপৰীয়া কলপাতত নিমখ-জলকীয়াৰে পথাৰৰ মাজত আলিত বহি খাইছে ৰবাব টেঙা। মহিলাসকলেও বিহুগীত গাই আনন্দ-স্ফূৰ্তিৰে আঁতৰাইছে শাওণৰ ভাগৰ। হেঁপাহৰ পথাৰখনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ। লখিমীক চপাই আনন্দে নধৰে কৃষকৰ হিয়া। নহ’বই বা কিয়? আঘোণৰ পথাৰেই যে চহা জীৱনৰ ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like