নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি প্ৰাণ হেৰুৱালে গুৱাহাটীৰ যুৱকে

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি এজন যুৱকৰ জীৱন হেৰুৱায়। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। দেওবাৰে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত। আশাহত হৈ পৰিছিল কোটি কোটি ক্ৰিকেট অনুৰাগী। তাৰ মাজতে গুৱাহাটীত সংঘটিত হয় এক শোকাৱহ ঘটনা। ভাৰত পৰাজিত হোৱাৰ দুখত প্ৰাণ হেৰুৱালে এজন যুৱকে। এই ঘটনা সংঘটিত হয় বিৰুবাৰীত। দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল চাই আছিল ২১ বছৰীয়া মৃণাল মজুমদাৰে। কিন্তু ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পিছতে অত্যন্ত শোকাহত হৈ পৰিছিল যুৱকজন। নিশা কান্দি কান্দি শুই পৰিছিল যুৱকজন। নিশা হয়তো টোপনি অহা নাছিল মৃণালৰ। পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কেইবাবাৰো বিছনাৰ পৰা উঠিছিল মৃণাল। তাৰ পিছত পুৱা পৰিয়ালৰ লোকে কোঠাত মৃণালক চাবলৈ যোৱাত অচেতন হৈ আছিল তেওঁ। পিছত মৃণালক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। যুৱকজন কোনো অসুখত ভুগি থকা নাছিল বুলি আত্মীয়ই জানিবলৈ দিছে।

You might also like