নিউজ ডেস্ক, ৯ এপ্রিলঃ তামিলনাডু গোচৰত ৰাজ্যপালৰ ক্ষমতাক লৈ যুগান্তকাৰী ৰায় উচ্চতম ন্যায়ালয়ৰ৷ তামিলনাডু চৰকাৰে গৃহীত কৰা ১০খন বিধেয়কৰ অনুমতিত বিলম্ব কৰা ৰাজ্যপাল আৰ এন ৰবিক কঠোৰ বাক্যবাণ প্রয়োগ কৰি উচ্চতম ন্যায়ালয়ে যুগান্তকাৰী ৰায় দিয়ে৷ ন্যায়াধীশ জে বি পর্ডিৱালা আৰু আৰ মাধৱনৰ বিচাৰপীঠে ৰাজ্যপাল আৰ এন ৰবিয়ে ১০ বিধেয়কৰ অনুমতিত বিলম্ব কৰা কিম্বা বন্ধ কৰি ৰখা সিদ্ধান্ত বেআইনী আৰু স্বেচ্ছাচাৰী আখ্যা দিয়ে৷ বিচাৰপীঠে ৰাজ্য চৰকাৰে গৃহীত কৰা বিধেয়ক ৰাজ্যপালে বন্ধ কৰি ৰাখিব নোৱাৰে বুলি স্পষ্ট কৰি দি সেই বিধেয়ক ৰাষ্ট্রপতিলৈ প্রেৰণ কৰিব লাগে বুলি ৰায় দিয়ে৷ ৰাষ্ট্রপতিলৈ প্রেৰণ কৰিবলগীয়া ১০খন বিধেয়ক সংৰক্ষিত কৰি ৰখাটো ৰাজ্যপালৰ বেআইনী আৰু স্বেচ্ছাচাৰী কার্য৷ ১০খন বিধেয়কৰ অনুমতি নিদিয়াকৈ ৰাখি থোৱাটো ৰাজ্যপালৰ কাৰণে অনুচিত৷ উল্লেখ্য যে তামিলনাডু চৰকাৰৰ সৈতে ৰাজ্যপাল আৰ এন ৰবিৰ প্রত্যক্ষ সংঘাতৰ বাবেই চৰকাৰখনে গৃহীত কৰা ১০খন বিধেয়ক অনুমোদনত বিলম্ব কৰি আহিছে৷ এই ১০ বিধেয়কৰ ভিতৰত বর্তমানৰ ডিএমকে চৰকাৰৰ ৯খন বিধেয়কৰ বিপৰীতে পূর্বৰ এআইএডিএমকেৰ এখন বিধেয়ক আছে৷ আটাইকেইখন বিধেয়কেই শিক্ষাৰ সৈতে জড়িত৷ সংবিধানৰ অনুচ্ছেদ ২০০ অনুসৰি সদনত গৃহীত বিধেয়ক ৰাজ্যপালক প্রদান কৰিলে সেই বিধেয়কত অনুমতি দিব লাগে৷ এই বিধেয়ক সংৰক্ষিত কৰি ৰাখিব নোৱাৰে৷ বিধেয়কখন ৰাষ্ট্রপতিলৈ প্রেৰণ কৰিব লাগে৷ অৱশ্যে ৰাজ্যপালে যদি কিবা কাৰণত বিধেয়কখন সন্দর্ভত দ্বিধা কিম্বা সংবিধান উলংঘনৰ ব্যৱস্থা দেখে, তেতিয়াহ’লে সেই বিধেয়কখন পুনৰ বিবেচনাৰ বাবে সদনলৈ ওভতাই পঠিয়াব পাৰে৷ সদনে পুনৰ গৃহীত কৰি সেই বিধেয়ক ৰাজ্যপালৰ হাতত অর্পণ কৰিলে সেই বিধেয়কত অনুমতি দিয়াটো উচিত৷ মন কৰিবলগীয়া যে প্রাক্তন আইপিএছ বিষয়া তথা চিবিআইৰ সঞ্চালক হিচাপে কার্যনির্বাহ কৰা আৰ এন ৰবিক ২০২১ চনত তামিলনাডুত ৰাজ্যপাল হিচপে নিযুক্তি প্রদান কৰিছিল৷ তেতিয়াৰ পৰাই এম কে ষ্টেলিন নেতৃত্বাধীন চৰকাৰখনৰ সৈতে ৰাজ্যপালৰ সংঘাত হৈ আহিছে৷ বিজেপিৰ মুখপাত্রৰ দৰে ৰাজ্যপাল ৰবিয়ে কাম কৰি থকা বুলি তামিলনাডু চৰকাৰে অভিযোগ উত্থাপন কৰি আহিছে৷ ইপিনে, উচ্চতম ন্যায়ালয়ৰ ৰায়ক ঐতিহাসিক আখ্যা দি আদৰণি জনাইছে মুখ্যমন্ত্রী ষ্টেলিনে৷ ৰাজ্যপালে প্রত্যাখ্যান কৰা ১০ বিধেয়ক উচ্চতম ন্যায়ালয়ে গৃহীত কৰাত এই ৰায় অকল তামিলনাডুৰ কাৰণেই নহয়, দেশৰ সকলো ৰাজ্যৰেই এক বৃহৎ জয় বুলি কয় মুখ্যমন্ত্রীগৰাকীয়ে৷