নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহস্ৰাধিক গছপুলি বিতৰণেৰে গ্ৰীণ মিছনৰ পৰিৱেশ সচেতনতা কাৰ্যসূচীৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা,  ৪ জুনঃ কাইলৈ বিশ্ব পৰিৱেশ দিৱস৷ প্ৰতিবছৰে ক্ৰমাগতভাৱে গোলকীয় উষ্ণতা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্বও বাঢ়ি আহিছে৷ কিন্তু বিশ্ব পৰিৱেশত গছপুলি বিতৰণৰ বাবে চৰকাৰী নাৰ্চাৰীত নাই গছপুলি৷ যাৰ বাবে আজি বজালীৰ বিভিন্ন দল সংগঠন তথা ৰাইজে গছপুলি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে একাংশ ব্যক্তিয়ে নিজাববীয়াকৈ গছপুলি বিতৰণেৰে পৰিৱেশ সংৰক্ষণৰ অনন্য উদাহৰণ দাঙি ধৰিছে৷ এইসকলৰ ভিতৰত অন্যতম হৈছে গ্ৰীণ মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰ৷ এক যুগৰো অধিক কাল ধৰি নিৰৱছিন্নভাৱে প্ৰকৃতিৰ হকে কাম কৰি অহা বিশিষ্ট পৰিৱেকৰ্মী তথা গ্ৰীণ মিছন- বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে আজি এক ব্যাপক গছপুলি বিতৰণৰ অনুষ্ঠানৰ জৰিয়তে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিবছৰে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা ৰোধৰ এক সৰল উপায় হৈছে গছপুলি ৰোপণ কৰি তাৰ পৰিচৰ্যা কৰা৷ এই ক্ষেত্ৰত বিভিন্নজনে সজাগতা সৃষ্টিৰে গছপুলি ৰোপণ কৰি আহিছে যদিও সম্প্ৰতি এক সমস্যাই যেন এই মহৎ প্ৰক্ৰিয়ালৈ কিছু পৰিমাণে স্থবিৰতা আনিছে৷ বিভিন্ন ঠাইত ৰোপণ কৰিবৰ বাবে অভাৱ হৈছে বিনামূলীয়া গছপুলিৰ৷ উল্লেখ্য যে বৰপেটা জিলাত পূৰ্বতে ৰাজ্যৰ বন বিভাগৰ অধীনত পাঁচখনকৈ নাৰ্চাৰী আছিল য’ত বিভিন্ন প্ৰজাতিৰ গছপুলি বিনামূলীয়াকৈ যোগান ধৰা হৈছিল৷ কিন্তু সম্প্ৰতি এই নাৰ্চাৰীসমূহ গছপুলিৰ অভাৱত বন্ধ হৈ বৃহত্তৰ জিলাখনত মাত্ৰ এখনহে নাৰ্চাৰী চলি আছে, য’ত পৰ্যাপ্ত নহয় গছপুলিৰ৷ এনে এক প্ৰেক্ষাপটতে জিলাখনৰ বজালী মহকুমাৰ অন্তৰ্গত চৈবাৰীস্থিত একমাত্ৰ নাৰ্চাৰীখনে বৃহত্তৰ জিলাখনৰ নগণ্যসংখ্যক গছপুলিৰ চাহিদাহে পূৰণ কৰি আহিবলৈ সক্ষম হৈছে৷ কিন্তু এতিয়া উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ বিভিন্ন সময়ত “গ্ৰীণ মিছন-বজালী” সদৃশ সংস্থাসমূহে গ্ৰহণ কৰা পদক্ষেপৰ বাবে সৃষ্টি হোৱা সজাগতাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজত গছপুলিৰ ৰোপণৰ মানসিকতা সৃষ্টি হৈছে যদিও অভাৱ হৈছে গছপুলিৰ৷ উল্লেখ্য যে প্ৰতি বছৰে কোটি কোটি টকা ব্যয়েৰে কেৱল কাগজৰ বাঘ হৈ বৰ্তি থকা অসম চৰকাৰৰ সামাজিক বনানীকৰণৰ ফোঁপোলা স্বৰূপ উদং হোৱাৰ সময়তে আজি বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত কেৱল আজিৰ দিনটোতে আনন্দ খাটনিয়াৰে ব্যক্তিগতভাৱে অৰ্ধলক্ষাধিক টকা খৰচ কৰি গছপুলি ক্ৰয় কৰি ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছে৷ খাটনিয়াৰে বিতৰণ কৰা গছপুলি সংগ্ৰহ কৰাৰ বাবে ৰাতিপুৱাৰে পৰা তেওঁৰ পাঠশালাৰ সেউজনগৰস্থিত বাসগৃহত ভিৰ কৰে বজালীকে ধৰি বৰপেটা, বাকসা তথা নলবাৰী জিলাৰ অৰ্ধশতাধিক লোকে৷ টিহুৰ পোখুৰা গাঁও, জালাহৰ অনন্ত একাডেমী, মাখিবাহাৰ “সেউজ আমাৰ লক্ষ্য”ৰ মনোজ বড়ো, পাঠশালাৰ ৱাৰ্ড কমিচনাৰ নিৰ্মল ৰয়, চিকিৎসক ডাঃ দিগন্ত চৌধুৰী, লোকগীত শিল্পী বসন্ত পাটগিৰি, নৱ চৌধুৰী, বদনকুছিৰ ধ্ৰুৱ দত্ত, অভিনেতা মনোজ মাৰ্টিন, পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা, গীতিকা নাথ, বিশিষ্ট কবি অনুপ পাটোৱাৰী, ভট্টদেৱ বিশ্ববিদ্যালয়, পাঠশালা ৰঙালী বিহু সন্মিলনী, পাঠশালা টাউন ক্লাৱ, ৰাষ্টীয় স্বয়ং সেৱক সংঘ পৰিয়ালৰ টিহু আৰু পাঠশালাৰ কৰ্মকৰ্তাকে আদি কৰি অৰ্ধশাধিক লোকৰ মাজত কাইলৈ ৰোপণ কৰিবৰ বাবে বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰিছে আনন্দ খাটনিয়াৰে৷ এই গছপুলিসমূহ বিতৰণ কৰি গ্ৰীণ মিছন, বজালীৰ সঞ্চালক খাটনিয়াৰে কয় যে শিক্ষা দীক্ষা, সাংস্কৃতিক, আধ্যাত্মিক, সামাজিক আদি দীশত আমি বহু পৰিমাণে আগ বাঢ়িছো। কিন্তু দুখৰ বিষয় যে পৰিৱেশৰ ক্ষেত্রত আমি আজিও বহু পিছ পৰি আছো৷ বর্ত্তমান আমি বাস কৰা সেউজীয়া পৃথিৱী নামৰ গ্ৰহটো ৰোগাক্ৰান্ত৷ এই ৰোগাক্ৰান্ত পৃথিৱীখনক সুস্থ কৰিব নোৱাৰিলে অনাগত দিনত নতুন প্রজন্মই এইখন পৃথিৱীত জীয়াই থাকিব নোৱাৰিব৷ সেয়েহে নতুন প্রজন্মই পৃথিৱীখনক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত গুৰু দায়িত্ব লব লাগিব। নতুন প্রজন্মই প্রকৃতি সংৰক্ষণৰ গুৰু দায়িত্ব লওক বুলি আহ্বান জনাই খাটনিয়াৰে গ্ৰীণ মিছনৰ উদ্যোগত পৰিৱেশ সচেতনতাৰ বাবে আজিৰ পৰা মাহজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ অহা ৫ জুলাইলৈ চলিবলগীয়া এই মাহজোৰা কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন ঠাইত পৰিৱেশ সচেতনতামুলক সভা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত গছপুলি ৰোপণ, গছপুলি বিতৰণ, একোখন গাওঁজুৰি নিমগছ ৰোপণেৰে নিম গাঁৱলৈ ৰূপান্তৰৰ পদক্ষেপ, প্লাষ্টিক বৰ্জন অনুষ্ঠান আদি কৰি ৰাইজক গ্ৰীষ্মদাহৰ পৰা ৰক্ষা কৰা আৰু বিপন্ন পৃথিৱী উদ্ধাৰৰ স্বাৰ্থত উৎসাহিত কৰা হব বুলি খাটনিয়াৰে ঘোষণা কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like