নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৰলুইতত সন্ধানহীন যুৱক

নিয়মীয়া বাৰ্তা,  ৪ জুনঃ যোৱানিশা ধুবুৰী চহৰৰ যোগমায়া পাৰঘাটৰ সমীপৰ বৰলুইতত এজন যুৱক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। ধুবুৰীৰ পঞ্চুঘাট অঞ্চলৰ বিকি মালো নামৰ সেই যুৱকজনৰ সন্ধানত লুইতত বৰ্তমানলৈ এছডিআৰএফ বাহিনীৰ অভিযান অব্যাহত আছে। ধুবুৰীৰেই স্থানীয় এটি ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত সন্ধানহীন হোৱা সেই যুৱকজনে নিজৰ মাতৃ-পিতৃক উদ্দেশ্যি যোগমায়া পাৰঘাটৰ পৰা বৰলুইতত জঁপিয়াই মৃত্যুবৰণ কৰিব বুলি এটি টোকা নিজ গৃহত এৰি থৈ যোৱা বুলি প্ৰকাশ। কিন্তু প্ৰকৃত সত্য কি, সেয়া আৰক্ষীৰ অনুসন্ধানত উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like