আৰক্ষী–শিক্ষা বিভাগত হ’ব সর্বাধিক নিযুক্তি
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ৰাজ্য চৰকাৰে চলিত বর্ষতে দিবলগা এক লাখ নিযুক্তিৰ অধিকাংশ পদ পূৰণ কৰা হ’ব আৰক্ষী আৰু শিক্ষা বিভাগত৷ শুকুৰবাৰে এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
এখন সংবাদ মেলত মুখ্যমন্ত্রীয়ে কয়– অতি কম সময়ৰ ভিতৰতে এক লাখ নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হ’ব৷ যিসমূহ বিভাগত কাম বেছি, সেই বিভাগত বেছি পদ পূৰণ কৰা হ’ব৷ শিক্ষা আৰু আৰক্ষীত এইক্ষেত্রত সর্বাধিক নিযুক্তি দিয়া হ’ব৷
এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ সর্বাংগীণ উন্নয়নৰ লগতে চৰকাৰে প্রতিশ্রুতি পূৰণৰ ক্ষেত্রত ক্ষিপ্রতাৰে কাম কৰিছে৷ মই ৰে’লখন স্পীডত চলাইছোঁ৷ মোৰ দৰে নেতা নাপাব৷ এমাহৰ ভিতৰতে কামবোৰ শেষ কৰিছোঁ৷ পাঁচ বছৰৰ কাৰণে ৰাইজে ভোট দিছে৷ গতিকে লাহে লাহে কৰিলেও হয়, কিন্তু মই উন্নয়নৰ কামবোৰ খৰখেদাকৈ কৰিছোঁ৷
ইফালে, চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব বিচৰা হিতাধিকাৰীৰ ক্ষেত্রত এতিয়াৰে পৰা জনসংখ্যা নীতি প্রযোজ্য হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে শুকুৰবাৰে ঘোষণা কৰে৷ তেওঁ কয়– অসম চৰকাৰে অনাগত ভৱিষ্যতত জনসংখ্যা নীতি অনুসৰণ কৰিব৷ চাহ বাগিচা, এছ টি আৰু এছ চিৰ ক্ষেত্রত এই নিয়ম অনুসৰণ কৰা নহয়৷ বাকী সকলো আঁচনিৰ ক্ষেত্রত হিতাধিকাৰীয়ে অনুসৰণ কৰিব লাগিব জনসংখ্যা নীতি৷
চৰকাৰে একেকোবে সন্তান জন্ম দিয়াৰ ক্ষেত্রত এই জনসংখ্যা নীতি বলৱৎ কৰিব খোজা নাই৷ অর্থাৎ লাহে লাহে চৰকাৰী আঁচনি লাভৰ ক্ষেত্রত জনসংখ্যা নীতি অনুসৰণ কৰিব চৰকাৰে৷