নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা আৰম্ভ ইছলামধৰ্মী লোকৰ পৱিত্ৰ ৰমজান মাহ

🔹 ধুবুৰীত ঊৰ্ধ্বগামী ফল-মূল, লোকেল মাছ-মুৰ্গীৰ দাম

নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : পূজা-পাৰ্বণ আহিলেই নিশাটোৰ ভিতৰতে ধুবুৰীৰ বজাৰত দাম বৃদ্ধি পোৱাটো যেন এক স্বাভাৱিক ঘটনা। তাকেই প্ৰতিফলিত কৰি আজিৰ পৰা ইছলামধৰ্মী লোকৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে ধুবুৰীত ফল-মূল আৰু লোকেল মাছ-মুৰ্গীৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা দেখা গৈছে আৰু ফলত স্বাভাৱিকভাৱেই সৰ্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ধুবুৰীৰ ফল-মূলৰ স্থানীয় বজাৰত প্ৰায়বিধ ফল-মূলৰ দাম কেজিপতি ২০ৰ পৰা ৫০ টকাকৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ লোকেল মুৰ্গীৰ দামো কেজিপতি ৫০ৰ পৰা ১০০ টকাকৈ বৃদ্ধি পোৱা দেখা গৈছে। ধুবুৰীৰ ফল-মূলৰ বজাৰত কেজিপতি ১৫০ টকীয়া আপেলৰ মূল্য প্ৰতি কেজিত ৫০ টকাকৈ বৃদ্ধি পাই বৰ্তমানে ২০০ টকা হৈছে। অনুৰূপ ধৰণে ৭০ টকা কেজিৰ কমলাৰ দাম বৃদ্ধি পাই বৰ্তমানে কেজিপতি ১০০ টকা হৈছে। আঙুৰৰ দাম প্ৰতি কেজিত ২০ টকাকৈ বৃদ্ধি পাইছে। এইদৰেই ধুবুৰীৰ বজাৰত প্ৰায় অধিকাংশ ফল-মূলৰ দাম কম-বেছি পৰিমাণে বৃদ্ধি পাইছে। ইপিনে, বিগত ২/৩ দিনতে এইদৰে ফল-মূলৰ দাম বৃদ্ধি পোৱাৰ কাৰণ সন্দৰ্ভত মহাজন অৰ্থাৎ ফল-মূলৰ পাইকাৰী ব্যৱসায়ীসকলে মূল্য বৃদ্ধি কৰা বাবেই তেওঁলোকে অধিক দামত বিক্রী কৰিবলগীয়া হোৱা বুলিয়েই কিন্তু যুক্তি প্ৰদৰ্শন কৰা দেখা গৈছে ফল-মূলৰ স্থানীয় একাংশ খুচুৰা ব্যৱসায়ীয়ে। কেৱল ফল-মূলেই নহয়; ধুবুৰীত বিগত দুদিনত বৃদ্ধি হৈছে লোকেল মাছ-মুৰ্গীৰ দামো। ধুবুৰী চহৰৰ বউ বজাৰৰ মুৰ্গী বজাৰত কেজিপতি ৪০০ টকীয়া লোকেল মুৰ্গীৰ দাম বৰ্তমানে হৈছে কেজিত ৫০০ টকা। কেৱল লোকেল মুৰ্গীয়েই নহয়; মূলতঃ পশ্চিমবংগৰ পৰা অহা তথা স্থানীয় ভাষাত জিএছটি নামে পৰিচিত মুৰ্গীবিধৰ দামো কেজিপতি ৩০০ টকাৰ পৰা বৃদ্ধি পাই বৰ্তমানে প্ৰতি কেজিত ৩৫০ টকা হৈছে। ঠিক অনুৰূপে ধুবুৰীৰ মাছৰ বজাৰত লোকেল মাছৰ দামো ক্ৰমশঃ ঊৰ্ধ্বগামী হ’বলৈ লোৱা দেখা পোৱা গৈছে। ইপিনে, পূৰ্বৰ দৰেই এইবেলিও দুই/তিনি দিনতে ঘটা অস্বাভাৱিক দামবৃদ্ধিৰ এই বিষয়টো লৈ ধুবুৰী জিলা প্ৰশাসন আৰু যোগান বিভাগে নিৰ্লিপ্ত হৈ বহি থকাহে দেখা গৈছে; অনুৰূপে মৌন হৈ আছে স্থানীয় জনপ্ৰতিনিধিসকলো।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like