🔹 চাপৰৰ ৰৌমাৰীত হৃদয়বিদাৰক ঘটনা
নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চ : বিবাহৰ হৈছিল মাত্ৰ এসপ্তাহ। এসপ্তাহ পিছতে পতি-পত্নীৰ আত্মহননৰ ঘটনা সংঘটিত হৈছে চাপৰৰ ৰৌমাৰীত। ৰৌমাৰীৰ যুৱক আকবৰ আলীয়ে প্ৰেমসূত্ৰে মানকাচৰৰ পৰা পলুৱাই বিয়া পাতিছিল আয়না খাতুন নামৰ যুৱতীগৰাকীক। পিছত বিবাহৰ এসপ্তাহ পিছতে আজি আবেলি ৰহস্যজনকভাৱে দুয়ো একেলগে চিপ লৈ আত্মহননৰ কৰে। সদ্যবিবাহিত আকবৰ আলী আৰু আয়না খাতুনৰ আত্মহননৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। এতিয়ালৈকে অৱশ্যে সদ্যবিবাহিত পতি-পত্নীয়ে কি কাৰণত আত্মহননৰ দৰে চৰম সিদ্ধান্ত ল’ব লগা হ’ল, সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। ইতিমধ্যে চাপৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক আটিক বৰা