নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ ডিমৌত ভাত দিয়াত পলম হোৱা বাবেই স্বামীয়ে ঘপিয়ালে পত্নীক

নিয়মীয়া বাৰ্তা, ২৪ মে’ : ডিমৌ থানাৰ অন্তৰ্গত গজালিত আজি পুৱা দহ বজাত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। ভাত দিয়াত পলম হোৱাৰ বাবেই জেকী গড় নামৰ ব্যক্তিগৰাকীয়ে পত্নী হেমন্তী গড়ক অতি নিৰ্মমভাবে ঘপিয়াই ঘপিয়াই আহত কৰে। জেকী গড়ে হেমন্তী গড়ক হাত, ডিঙি আৰু মুখমণ্ডলত দাৰে কেইবা ঘাপ দিয়াত তেজেৰে তুমৰলি হৈ পৰে। পিছত স্থানীয় ৰাইজে হেমন্তী গড়ক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও হেমন্তী গড়ক চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত মহিলাগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়ল চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

প্ৰেৰক বীৰেন কলিতা

You might also like