নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লে’অফত সর্বাধিক মেচত পৰাজয়ৰ শীর্ষত বেংগালুৰু

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে’ : পুনৰ আইপিএলত ব্যর্থ হ’ল ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু৷ চেন্নাই ছুপাৰ কিংছক হৰুৱাই প্লে’অফত স্থান নিশ্চিত কৰিলেও এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাজিত হৈ বিদায় লয় বিৰাট কোহলিহঁতে৷ ইয়াৰ লগে লগে আৰচিবিয়ে গঢ়িলে এক লজ্জাৰ অভিলেখ৷ প্লে’অফত আটাইতকৈ বেছি মেচত পৰাজিত হোৱাৰ তালিকাত সকলোৰে ওপৰত আছে বেংগালুৰুৰ নাম৷ ২০০৮ চনৰ পৰা আইপিএলত প্রতিদ্বন্দ্বিতা কৰিছে দলটোৱে৷ প্রতিযোগিতাৰ জন্মলগ্ণৰ পৰা খেলা দলটোৱে এইপর্যন্ত প্লে’অফত ১৬খন মেচ খেলিলে৷ ইয়াৰ ভিতৰত ১০খন মেচতেই পৰাজিত হৈছে দলটো৷ বেংগালুৰুৰ বাহিৰে প্লে’অফত অন্য কোনো দলে ইমান মেচত পৰাজিত হোৱা নাই৷ এইবাৰ লীগ পর্বৰ অন্তিম মেচত চেন্নাইক হৰুৱাই নেট ৰান ৰেটত অতিক্রম কৰি প্লে’অফত স্থান নিশ্চিত কৰে৷ সেই বিজয়ৰ পিছতে সমর্থকসকলৰ মনত বেংগালুৰু দলটোক লৈ আশা সজীৱ হৈ পৰিছিল৷ কিন্তু এইবাৰৰ আইপিএলৰ প্রথম ৮খন মেচৰ ভিতৰত ৭খনতে পৰাজিত হোৱা বেংগালুৰুৱে প্লে’অফৰ প্রথমখন মেচতে পৰাজিত হৈ বিদায় লয়৷ প্লে’অফৰ মেচত পৰাজিত হোৱা তালিকাত বেংগালুৰুৰ পিছতে আছে চেন্নাই৷ তেওঁলোকে ২৬খন মেচৰ ৯খনতে পৰাজিত হৈছে৷ তদুপৰি বেংগালুৰুতকৈ প্লে’অফত কোনো দলে অধিক মেচ খেলা নাই৷ দিল্লী কেপিটেলছে ১১খন মেচ খেলি ৯খনতে পৰাজয়ৰ সন্মুখীন হৈছিল৷ আনহাতে মুম্বাই ইণ্ডিয়ানছে ২০খন মেচ খেলি পৰাজিত হয় ৭খনত৷ ছানৰাইজার্ছ হায়দৰাবাদে ১২খন মেচৰ ভিতৰত ৭খনত পৰাজয়ৰ মুখ দেখিছিল৷

You might also like