🔹 ধাননি পথাৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু মহিলাৰ : পুৰুষ-মহিলাসহ আহত ৩
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : পূব গোৱালপাৰাৰ জীয়াগুৰি, খেজুৰবাৰীত বিগত কেইবাদিনৰ পৰা অব্যাহত আছে বনৰীয়া হাতী-মানুহৰ সংঘাত ৷ বন্যহস্তী আৰু মানুহৰ সংঘাত একপ্ৰকাৰ চূড়ান্ত পৰ্যায় পাইছে ৷ বনৰীয়া হাতীয়ে বিগত এসপ্তাহ ধৰি পূব গোৱালপাৰাৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই বহু কৃষকৰ অনিষ্ট সাধন কৰিছে, বহু লোকৰ কষ্টেৰে কৰা ধাননি পথাৰ খাই তহিলং কৰাৰ লগতে গচকি বিনষ্ট কৰিছে দৰিদ্ৰ কৃষক ৰাইজৰ ধাননি পথাৰ ৷ হাতীৰ এনে উপদ্ৰৱৰ পৰা কষ্টেৰে কৰা ধাননি পথাৰখনক ৰক্ষা কৰিবলৈ জীয়াগুৰি খেজুৰবাৰী অঞ্চলৰ একাংশ লোকে নিজৰ খেতিত সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি গাঁওখনৰে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে পুৰুষ-মহিলাসহ তিনিজনকৈ লোক আহত হয় ৷ প্ৰাপ্ত অভিযোগ মতে, গাঁওখনৰে নায়েৱ আলী নামৰ লোকজনে নিজৰ ধান খেতিত লুকাই-চুৰকৈ অতি সংগোপনে বৈদ্যুতিক তাঁৰ লগাই সংযোগ কৰি থৈছিল বিদ্যুত ৷ নিচেই পুৱা পথাৰৰ বিল-জলাশয়ত মাছ ধৰিবলৈ যোৱাৰ সময়তে ধাননি পথাৰত হাতী খেদাৰ বাবে ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰত লাগি কৰুণভাৱে মৃত্যু হয় জামিৰণ নেছা (৩৬) নামৰ মহিলাগৰাকীৰ ৷ আনহাতে, পুৰুষ-মহিলাসহ আন তিনিজনকৈ লোক ক্ৰমে ছবৰ আলী, জবান আলী আৰু ৰহিমা বেগম বিদ্যুৎস্পৃষ্ট হৈ আহত হয় ৷ স্থানীয় একাংশ লোকৰ তৎপৰতাত ততাতৈয়াকৈ আহত আটাইকে উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বিদ্যুৎস্পৃষ্ট হৈ আহত জবান আলী আৰু ৰহিমা বিগমৰ স্বাস্থ্য কিছু উন্নত হ’লেও ইয়াৰে ছবৰ আলী নামৰ লোকজনে চিকিৎসাধীন অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে ৷ উল্লেখযোগ্য যে মৃত মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত যোৱানিশা স্বামীগৃহলৈ আনে আৰু নিশাৰ ভাগতে শেষকৃত্য সম্পন্ন কৰা হয় ৷ ইফালে, মৃত মহিলাগৰাকীৰ স্বামী পৰিয়ালে হাতী খেদিবলৈ খেতিত গোপনে বিদ্যুৎ সংযোগ কৰা নায়েব আলী নামৰ লোকজনৰ বিৰুদ্ধে সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি শিমলীতোলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ৷ বনৰীয়া হাতী খেদিবলৈ ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ কৰুণভাৱে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মৃত মহিলাগৰাকীৰ ঘৰত কান্দোনৰ ৰোল উঠাৰ লগতে সমগ্ৰ গাঁওতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰাৰ উপৰি ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত আছে ৷
প্ৰেৰক ৰবিউল হুছেইন