নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ শ্বহীদ ৰাউতা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন

🔹 হঠাৎ অসুস্থ কেইবাগৰাকী শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা,  ২৮ ছেপ্টেম্বৰ : বজালীৰ সদৰ পাঠশালাৰ সমীপৰ সাদেৰীস্থিত শ্বহীদ ৰাউতা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হঠাতে এজন ছাত্ৰৰ লগতে কেইবাগৰাকীও ছাত্ৰী অসুস্থ হৈ পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সকলোকে উদ্বিগ্ন কৰি তুলিছে৷ জানিব পৰা অনুসৰি, আজি পুৱা বিদ্যালয়ৰ প্ৰাৰ্থনা চলি থকাৰ সময়তে এজন ছাত্ৰ হঠাতে অসুস্থ হৈ পৰে৷ ইয়াৰ পিছতে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে তৎপৰতাৰে ছাত্ৰজনক সাদেৰী ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসাৰ ব্যৱস্থা কৰায়৷ কিন্তু এই ঘটনাৰ পিছত বিদ্যালয়ৰ নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ পিছতে শিক্ষানুষ্ঠানখনৰ বিভিন্ন শ্ৰেণীৰ এগৰাকীৰ পিছত এগৰাকীকৈ মুঠ ১৭গৰাকীকৈ ছাত্ৰী অনুৰূপ ধৰণে অসুস্থ হৈ পৰে৷ যাৰ ফলত বিদ্যালয়খনত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়৷ অসুস্থ ছাত্ৰীসকলক সাদেৰীৰ ৰাজ্যিক চিকিৎসালয়ৰ লগতে পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়৷ এই ১৭গৰাকী শিক্ষাৰ্থীৰ সাতগৰাকীক সাদেৰী আৰু বাকীসকলক পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে৷ বৰ্তমান আটাইগৰাকী ছাত্ৰ-ছাত্ৰী বিপদমুক্ত বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে৷ সাদেৰীৰ ৰাজ্যিক চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি প্ৰখৰ ৰ’দ আৰু অতিমাত্ৰা গৰমৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শৰীৰত পানীৰ অভাৱ অৰ্থাৎ ডিহাইড্ৰেচনত ভোগাৰ লগতে কেইবাগৰাকীও শিক্ষাৰ্থীয়ে স্কুললৈ আহোঁতে ভালদৰে খাদ্য গ্ৰহণ কৰি নহাৰ ফলতে এনেকুৱা হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ প্ৰাথমিক চিকিৎসাত শিক্ষাৰ্থীকেইগৰাকীৰ ধমনী প্ৰবাহ, ৰক্তচাপ আদি সকলো স্বাভাৱিক পোৱা বুলি চিকিৎসগৰাকীয়ে জানিবলৈ দিয়ে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like