নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই শিক্ষার্থীৰ হত্যাকাণ্ডক লৈ পুনৰ অগ্নিগর্ভ মণিপুৰ

🔹 প্রতিবাদকাৰীয়ে লণ্ডভণ্ড কৰিলে ইম্ফলৰ জিলা উপায়ুক্তৰ কার্যালয়

🔹জিলা বিজেপি কার্যালয়-দুখন বাহনত অগ্নিসংযোগৰ লগতে ইম্ফলৰ বিজেপি অধ্যক্ষৰ বাসভৱন লণ্ডভণ্ড

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : দুই শিক্ষার্থীৰ হত্যাকাণ্ডক লৈ পুনৰ অগ্নিগর্ভ মণিপুৰ ৷ মেইটেই আৰু কুকি সম্প্রদায়ৰ গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰলৈ লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাৰ সময়তে দুদিন পূর্বে দুজন শিক্ষার্থীক অপহৰণ কৰি নি হত্যা কৰাক লৈ পুনৰ ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুদিন ধৰি ইম্ফলত প্রতিবাদী শিক্ষার্থীয়ে পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ মাজতে কালি ৰাজ্য চৰকাৰে সমগ্র ৰাজ্যখনকে অশান্ত অঞ্চল ঘোষণা কৰি আফছপা ছমাহলৈ সম্প্রসাৰণৰ ঘোষণা কৰাৰ পাছতো আজি ৰাজধানী ইম্ফলত প্রতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পুনৰ উত্তপ্ত হৈ পৰা মণিপুৰৰ ৰাজধানী ইম্ফল পশ্চিমৰ উপ–আয়ুক্তৰ কার্যালয় আক্রমণ কৰি প্রতিবাদকাৰীয়ে লণ্ডভণ্ড কৰাৰ লগতে দুখন চাৰিচকীয়া বাহনত অগ্নিসংযোগ কৰে৷ আজি পুৱা প্রতিবাদকাৰীয়ে জিলা উপায়ুক্তৰ কার্যালয় লণ্ডভণ্ড কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কন্দুৱা গেছ প্রয়োগ কৰিবলগীয়া হয়৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ইম্ফল পূব আৰু পশ্চিম জিলাত সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ আনপিনে ক্ষোভিত প্রতিবাদকাৰীয়ে থৌবল জিলাৰ বিজেপি কার্যালয়ত অগ্নিসংযোগ কৰে৷ প্রতিবাদকাৰীয়ে বিজেপি কার্যালয়ত প্রৱেশ কৰি লণ্ডভণ্ড কৰাৰ লগতে কার্যালয়টোত অগ্নিসংযোগ কৰি আঁতৰি যায়৷ তেনেদৰে ইম্ফলৰ বিজেপিৰ অধ্যক্ষ সাৰদা দেৱীৰ বাসগৃহতো প্রতিবাদকাৰীয়ে আক্রমণ কৰি বাসগৃহটো লণ্ডভণ্ড কৰে৷ উল্লেখ্য যে দুই ছাত্রৰ হত্যাকাণ্ডক লৈ যোৱানিশাও উৰিপক, য়াইস্কুল, ছাগলবন্দ আৰু টেৰা অঞ্চলত প্রতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্রত্যক্ষ সংঘর্ষ হয়৷ এই সংঘর্ষৰ সময়তে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ প্রয়োগ কৰে৷ প্রতিবাদকাৰীসকলে পথ অৱৰোধ কৰি টায়াৰ জ্বলোৱাৰ লগতে শিল আৰু প্রকাণ্ড লোৰ পাইপেৰে নিৰাপত্তা বাহিনীক আৱাসিক অঞ্চলত প্রৱেশত বাধা দিয়ে৷ এই লৈ নিৰাপত্তা বাহিনী আৰু প্রতিবাদকাৰীৰ মাজত সংঘাত হয়৷ তাৎপর্যপূর্ণ যে যোৱা ৩ মে’ৰ পৰা গোষ্ঠীগত সংঘর্ষত অশান্ত হৈ থকা মণিপুৰত নিযুক্তিৰ বাবে শ্রীনগৰৰ শীর্ষ আৰক্ষী বিষয়া, আইপিএছ ৰাকেশ বলৱালক কেন্দ্রীয় নিযুক্তি কেবিনেটে অনুমোদন জনাইছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আইপিএছ ৰাকেশ বলৱালক এজিএমইউটি কেডাৰৰ পৰা মণিপুৰ কেডাৰলৈ প্রত্যাৱর্তনৰ প্রস্তাৱত অনুমোদন জনোৱাৰ পাছতে মণিপুৰত দায়িত্ব গ্রহণ কৰিব বিষয়াগৰাকীয়ে৷ ২০২১ চনত মণিপুৰ কেডাৰৰ আইপিএছ বিষয়া বলৱালক শ্রীনগৰৰ এছএছপি হিচাপে নিযুক্তি দিছিল৷ তেওঁৰ কার্যকাল সম্পূর্ণ নৌহওঁতেই মণিপুৰৰ শান্তি–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণৰ বাবে পুনৰ মণিপুৰলৈ ওভতাই অনা হৈছে৷

You might also like