নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ নৱপ্রজন্মৰ স্বপ্ন পূৰ্ণ কৰাৰ মঞ্চ আইপিএল

🔹 গুৱাহাটীত হাইভল্টেজ মেচ আয়োজনত গুৰুত্ব বিশিষ্ট উদ্যোগীৰ

বিশেষ বাৰ্তা, ২৩ মার্চ : ‘অসমত আইপিএলৰ মেচ হোৱাটো মোৰ দৃষ্টিৰে কেৱল দুখন খেল নহয়৷ এয়া অসম তথা উত্তৰ–পূবৰ নতুন প্রজন্মৰ বাবে নতুন পথৰ সন্ধান৷ আইপিএল বিশ্ব ক্রিকেটৰ শীর্ষ পর্যায়ৰ এখন লীগ৷ গতিকে, যোৱা তিনি বছৰ অসম আৰু উত্তৰ–পূব আইপিএলৰ লগত প্রত্যক্ষভাৱে জড়িত হৈ থকাটো এই অঞ্চলৰ বাবে সম্ভাৱনাৰ নতুন এক দিগন্ত৷’ – এই মন্তব্য ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ, অসমৰ উদ্যোগী ৰণজিৎ বৰঠাকুৰৰ৷ গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ২৬ আৰু ৩০ মার্চত হ’ব লগা ৰয়েলছৰ প্রথম দুখন ঘৰুৱা মেচৰ প্রস্তুতিৰ বুজ লোৱাৰ বাবে গুৱাহাটীলৈ অহা বৰঠাকুৰে এই মন্তব্য প্রকাশ কৰি লগতে কয়– ‘বিশ্বত ক্রীড়া উদ্যোগটোৰ পৰিসৰ দ্রুতগতিত সম্প্রসাৰণ হৈছে৷ ভাৰততো ক্রীড়াৰ উদ্যোগত অপাৰ সম্ভাৱনা দেখা গৈছে৷ ভাৰতে অলিম্পিক গেমছ আয়োজন কৰাৰ লক্ষ্য লোৱাৰ লগতে ক্রিকেটসহ আন খেলৰ বিশ্বকাপ আয়োজন কৰি ক্রীড়া উদ্যোগত নতুন প্রজন্মক পেছাদাৰী ৰূপত কিদৰে জড়িত কৰিব পাৰি, সেই বিষয়েও ইতিবাচক দিশত চিন্তা–চর্চা হৈছে৷ এই পৰিক্রমাত অসম আৰু উত্তৰ–পূবৰ যুৱপ্রজন্মও বঞ্চিত হ’ব নালাগে৷ মই বিশ্বাস কৰোঁ- ক্রীড়া উদ্যোগে আমাৰ নিবনুৱা সমস্যা সমাধানত অন্যতম ভূমিকা ল’ব৷ সেয়ে ধাৰাবাহিক খেল আয়োজনে এই উদ্যোগত নতুন ল’ৰা–ছোৱালীক জড়িত কৰোৱাৰ দিশত সহায় কৰিব৷’ উল্লেখ্য যে বহু প্রত্যাহ্বান নেওচি অসমলৈ আইপিএল আনিছিল বৰঠাকুৰে৷ কেৱল ধন অর্জনৰ বাবেই তেওঁ গুৱাহাটীত মেচ আয়োজন কৰা নাই৷ গুৱাহাটী তথা জয়পুৰ দুখন ঘৰুৱা খেলপথাৰ হোৱাত ৰাজস্থান ৰয়েলছৰ অতিৰিক্ত ব্যয়হে ক্রমাগত ৩টা ছিজনত হৈছে৷ কিন্তু অসম তথা উত্তৰ–পূবৰ সামগ্রিক আর্থিক দিশটোৰ উত্তৰণ কৰাৰ লক্ষ্য আগত ৰাখি বিশিষ্ট উদ্যোগীগৰাকীয়ে গুৱাহাটীত আইপিএলৰ হাইভ’ল্টেজ মেচ আয়োজন কৰাত গুৰুত্ব দিছে৷ অসমৰ জনজীৱনত মূলতঃ আর্থিক বিকাশ তথা নতুন প্রজন্ম স্বাৱলম্বী হোৱাত আইপিএলে গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি বৰঠাকুৰ আশাবাদী৷

You might also like