নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টী (কে পি পি) ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ নেতৃত্ব তথা পাৰিষদসকলক তীব্র ভাষাৰে সমালোচনা কৰি কয়- কোচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ দুৰ্নীতিপৰায়ণ, অপৰিপক্ব, ৰাজনৈতিকভাৱে অদূৰদৰ্শী নেতৃত্বৰ কাৰণে সমগ্র জনগোষ্ঠীটোৰ জাতীয় সংগ্ৰাম আজি ধ্বংসৰ মুখলৈ গতি কৰিছে। তেওঁলোকৰ কৰ্ম-কাণ্ডৰ ফলত কোচ ৰাজবংশী সমাজৰ জাতীয় আন্দোলন বা সংগ্রাম বহুধাবিভক্ত। কামতাপুৰ অটোনমাছ কাউন্সিল (KAC) গঠনৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে জনগোষ্ঠীটোৰ মাজত থকা বিভিন্ন দল-সংগঠনক ঐক্যবদ্ধ কৰাত বিশেষ ভূমিকা গ্রহণ কৰিব লাগিছিল। তাকে নকৰি তেওঁলোকে জনগোষ্ঠীটোৰ মাজত থকা ছাত্র সংগঠন আক্ৰাছুক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ তাগিদাত কেইবাটাও ভাগত বিভক্ত কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় সংগ্ৰামখনক ধ্বংস কৰাৰ বাবে উঠি-পৰি লাগিছে। এসময়ত কামতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আন্দোলন কৰি কামতাপুৰ অটোনমাছ কাউন্সিল (KAC) নামৰ এখন তথাকথিত স্বায়ত্তশাসিত পৰিষদ লাভ কৰি জনগোষ্ঠীটোৰ জাতীয় সংগ্রামক সমূলি ধ্বংস কৰাৰ বাৱে ঘৰ শত্ৰু বিভীষণৰ ভূমিকাত অৱতীর্ণ হৈছে। যিটো কোচ ৰাজবংশী জনগোষ্ঠীটোৰ নিচিনা এটি ঐতিহাসিক আৰু সংগ্রামী জাতিৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক। তেওঁলোকৰ কৰ্ম-কাণ্ড আৰু দুৰ্নীতিপৰায়ণ চৰিত্ৰত আজি সমগ্র কোচ ৰাজবংশী সমাজে লজ্জিত অনুভৱ কৰিছে। মাত্র ১১ কোটি টকা অনুদান লাভ কৰি তেওঁলোকে যেনে ধৰণে দুৰ্নীতি-অনিয়মত লিপ্ত হৈছে, সেয়া অতিকৈ দৃষ্টিকটু আৰু নিন্দনীয়। এয়াই আছিল নেকি জনগোষ্ঠীয় সংগ্রামৰ আঁৰত তেওঁলোকৰ আচল চৰিত্ৰ। আজি তেওঁলোকৰ দুৰ্নীতিপৰায়ণ চৰিত্ৰৰ নগ্ন স্বৰূপ প্ৰকাশ পাইছে। তাৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ ৰাইজে চাৰিওফালে তেওঁলোকক ধিক্কাৰ দিছে, নিন্দা কৰিছে। চাৰিওফালে সমালোচনাৰ জোৱাৰ উঠিছে সামাজিক মাধ্যমত । সেয়ে আমি কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টী (কে পি পি)ৰ ফালৰ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক আবেদন জনাওঁ যে শীঘ্রে কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ অন্তৰ্ৱৰ্তী পৰিষদখন ভংগ কৰি দি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ পৰিচয় দিয়ক। একেটা বিবৃতিত ৰায়ে আৰু কয় যে কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ অন্তৰ্ৱৰ্তী পৰিষদখনৰ কাৰ্য্যকাল ইতিমধ্যে দুই বছৰ অতিক্রম কৰিছে, সেয়ে আইনগতভাৱে অসম চৰকাৰে পৰিষদখন ভংগ কৰি দি শীঘ্রে নিৰ্বাচন অনুষ্ঠিত কৰা উচিত।
প্ৰেৰক কৃষ্ণ বৰ্মন